লখিমপুৰত গ্ৰেপ্তাৰ হ'ল জাগৃত নাৰী শক্তি অসমৰ সভানেত্ৰী মানসী ৰাজখোৱা
লখিমপুৰ,১২ আগষ্ট : লখিমপুৰত আজি গ্ৰেপ্তাৰ হ'ল মহিলা সংগঠনৰ এগৰাকী নেত্ৰী। কেইবাটাও গোচৰৰ বিবাদ মীমাংসাৰ নামত দীৰ্ঘদিনে টকা সংগ্ৰহ কৰাৰ অভিযোগ থকা এই নেত্ৰী গৰাকী হৈছে জাগৃত নাৰী শক্তি অসমৰ সভানেত্ৰী মানসী ৰাজখোৱা। যি গৰাকী নেত্ৰীক আজি গ্ৰেপ্তাৰ কৰিছে লখিমপুৰৰ লীলাবাৰী আৰক্ষীয়ে। আৰক্ষী সূত্ৰে জানিব পৰা মতে মানসী ৰাজখোৱাৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হৈ আছিল বহু গোচৰ। ধেমাজিত ৰুজু হৈ থকা 260/21 নম্বৰ গোচৰ, বগীনদীৰ 867/20, লখিমপুৰত ৰুজু হৈ থকা 496/22, 256/20 আৰু 186/24 নম্বৰৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মানসী ৰাজখোৱাক। বিভিন্ন পৰিয়ালৰ বিভিন্ন বিবাদ মীমাংসাৰ নামত মানসী ৰাজখোৱাই ধন দাবী কৰি অহা বুলি অভিযোগ আছিল নেত্ৰী গৰাকীৰ বিৰুদ্ধে।

0 Comments:
Post a Comment