গুৱাহাটী,১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে আজি অসমতো উলহ-মালহেৰে উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। খানাপাৰা খেলপথাৰত ৰাইজৰ উপস্থিতিত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। দীঘলীয়া ভাষণত মুখ্যমন্ত্রীয়ে কয় - 'বাংলাদেশত থকা হিন্দু, শিখ আৰু খ্ৰীষ্টান সকলৰ প্ৰতি মোৰ মন উৰি গৈছে। তেওঁলোকৰ বাবে মই চিন্তিত হৈ আছো। মোৰ বিশ্বাস বাংলাদেশৰ হিন্দু সকলক প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তা দিব। বাংলাদেশৰ হিন্দুৰ নিৰাপত্তাৰ বাবে উৎকণ্ঠা প্ৰকাশ কৰিছো। অসমৰ সীমান্ত সুৰক্ষিত কৰা হৈছে। এজনো বাংলাদেশীক আহিবলৈ দিয়া নহ'ব। বাংলাদেশৰ হিন্দু সকলৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্রীৰ প্ৰতি আহ্বান জনাম।' মুখ্যমন্ত্রীয়ে লগতে কয় - 'চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যত অন্তৰ্ভুক্ত হোৱাটো অসমবাসীৰ অনন্য প্ৰাপ্তি। মোৰ ৰাজনৈতিক জীৱনৰ বাবে অনন্য প্ৰাপ্তি হৈ ৰ'ব। চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি দিয়াৰ প্ৰক্ৰিয়াটো সহজ নাছিল। আন এক প্ৰাপ্তি হৈছে টাটা গ্ৰুপে ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ্যে জাগীৰোডত স্থাপন কৰা ছেমিকণ্ডাক্টৰ উদ্যোগ। সেইদৰে গুৱাহাটী ৰিং ৰোডৰ পৰিযোজনাৰ স্বীকৃতি আন এক প্ৰাপ্তি। এনেধৰণৰ মূলধনী বিনিয়োগে ৰাজ্যখনক নতুন জীৱন দিব। আমি বৰ্ত্তমান অমৃত কালৰ মাজেৰে যাত্রা কৰিছো। মই অসমবাসীক গৌৰৱৰে ক'ব বিচাৰো যে ২০২৩-২৪ বৰ্ষত ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্রত ১৩.৯ শতাংশ আৰু জনমুৰী আয়ৰ ক্ষেত্রত ১২.৮৪ শতাংশ বৃদ্ধিৰে অসমে দেশৰ দ্ৰুত বিকশিত প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে। মুখ্যমন্ত্রীয়ে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে বিভিন্ন কুচকাৱাজ উপভোগ কৰে। স্বাধীনতা দিৱসৰ অনুষ্ঠানত মন্ত্রী-বিধায়ক আৰু চৰকাৰী উচ্চপদস্থ বিষয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানত অসমৰ বাৰেবৰণীয়া কলা-সাংস্কৃতি প্ৰদৰ্শন কৰা হয়।


0 Comments:
Post a Comment