কাইলৈ ৰাজ্যজুৰি উদযাপন কৰা হ'ব স্বাধীনতা দিৱস




গুৱাহাটী,১৪ আগষ্ট: স্বাধীনতা দিৱস লৈ মাজত মাথো কেইঘন্টামান বাকী। কাইলৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উদযাপন কৰা হ'ব স্বাধীনতা দিৱস।দেশৰ আন প্ৰান্তৰ সমান্তৰালকৈ  ৰাজ্যজুৰি স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে। ৰাজ্যজুৰি কটকটীয়া নিৰপত্তা গঢ়ি তোলা হৈছে। খানাপাৰা খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে জিলাই জিলাই উদযাপন কৰা হ'ব। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিমন্ত্ৰিত অতিথি আৰু সাধাৰণ ৰাইজৰ উপস্থিতিত পুৱা ৯ বজাত আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড০ শৰ্মাই পেৰেডত অংশ লোৱা দল সমূহৰ অভিবাদন গ্ৰহণ কৰিব। লগতে আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে বিভিন্ন কুচ-কাৱাজ প্ৰৰ্দশন  কৰিব। আনহাতে মন্ত্ৰী, বিধায়ক সকলেও ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment