কলকাতা কাণ্ড : অপৰাধীৰ মৃত্যুদণ্ডৰ দাবীত গুৱাহাটীত আপৰ প্ৰতিবাদ


গুৱাহাটী,১৮ আগষ্ট : কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত সংঘটিত বলাৎকাৰ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল হ'ল গুৱাহাটীৰ ৰাজপথ। আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখৰ পৰা আপৰ নেতা-কৰ্মী সকলে হাতে হাতে মমবাতি আৰু প্লেকাৰ্ড লৈ সমদলত অংশগ্ৰহণ কৰে। সমদলকাৰী সকলে  'বলাৎকাৰীক ফাঁচি দিয়ক', 'কৰ্মক্ষেত্ৰত মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰক', 'ধৰ্ষণৰ অপৰাধত জড়িতৰ কঠোৰ শাস্তি লাগে' আদি শ্লোগান দিয়ে। আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাৰ নেতৃত্বত বহুসংখ্যক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। কলকাতাৰ কনিষ্ঠ চিকিৎসকৰ বলাৎকাৰীক শীঘ্ৰেই চৰম শাস্তিৰ দাবী জনায় আপৰ নেত্ৰীগৰাকীয়ে প্ৰতিবাদী কাৰ্যসূচীত আপৰ জ্যেষ্ঠ নেতা ভিক্টৰ গগৈ, ৰুদ্ৰাংকুৰ হাজৰিকা, দিতুল বৰুৱা, আশ্ৰাফুল আৰিফ শিকদাৰ, প্ৰবীন শৰ্মায়ো অংশগ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment