স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাছুল হ্ৰাসৰ দাবীত আছুৰ ৰাজ্যজুৰি বিক্ষোভ


লখিমপুৰ,১৭ আগষ্ট : অসম চৰকাৰৰ শক্তি বিভাগে চলাই থকা দূৰ্নীতি আৰু অনিয়ম বিৰুদ্ধে ছাত্ৰ সন্থাই আজি ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিশেষকৈ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰে জনসাধাৰণৰক জলা কলা খুওৱাৰ লগতে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা সকলে প্ৰতিদিনে হাজাৰ হাজাৰ টকা বিদ্যুৎ মাছুল পৰিশোধ কৰিব লগা বাবেই আজি এক বিক্ষোভ কাৰ্য সূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষিৰোদ দুৱৰা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পুনমজ্যোতি বুঢ়াগোহাঁই এক বিবৃত্তি যোগে জানিবলৈ দিয়ে যে বিদ্যুৎৰ যি আশালংঘী মাছুল বৃদ্ধি পাইছে এইয়া এক প্ৰকাৰ ৰাইজৰ মূৰত মাধৰমাৰ শোধাইছে। চৰকাৰে যি ২৪ ঘণ্টাই বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি এতিয়া ধোৱাচাঙত। যি সময়ত চৰকাৰখনে সততে দম্ভালি মাৰি থাকে যে উন্নয়ন হৈছে ৰাজ্যত, সেই সময়ত হাজাৰ হাজাৰ টকা বিদ্যুতৰ মাছুল নামত কৰ সংগ্ৰহৰ কৰি হিতাধিকাৰী সৃষ্টি কৰি চমক দেখুৱায়ৰ প্ৰতিযোগিতাত নামিছে। বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ  বাদে বাকী বিভাগৰ মন্ত্ৰী সকলক শুই থকাহে দেখিবলৈ পোৱা গৈছে বুলিও ছাত্ৰ সন্থাই অভিযোগ কৰে আৰু মুখ্যমন্ত্ৰীয়ে সকলো বিভাগৰ মন্ত্ৰী সকলক পুতলাৰ দৰে ব্যৱহাৰ কৰে বুলি মন্তব্য কৰে। উদাহৰণস্বৰূপে বিদ্যুৎ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছায়ে নিজ বিভাগত কি চলি আছে সেই বিষয়ে তেওঁ নিজে জ্ঞাত নহয়। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক দাবী জনাই যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰি বিদ্যুত মাছুল হ্ৰাস কৰক। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক সীমান্ত নেওগ , জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ফৰিদুৰ ৰহমান, জিলা ছাত্ৰ সন্থাৰ ভাঃ সভাপতি ক্ষীৰোদ দুৱৰা , ভাঃ সাধাৰণ সম্পাদক পুনমজ্যোতি বুঢ়াগোহাঁই , সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহ কৃষ্ণজ্যোতি হাজৰিকাকে আদি কৰি জিলা ছাত্ৰ সন্থাৰ বিষয় ববিয়া আঞ্চলিক ছাত্ৰ সন্থা সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ্যে ছাত্ৰ সন্থাৰ  তিনি শতাধিক কৰ্মী ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment