লখিমপুৰৰ এ ডি কে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডিজিটেল লাইব্ৰেৰী নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰী
লখিমপুৰ,২১ আগষ্ট : ৰাজ্য চৰকাৰে সমগ্র শিক্ষা বিভাগৰ জৰিয়তে জিলাৰ নির্বাচিত শিক্ষানুষ্ঠানসমূহত স্থাপন কৰা চিলড্রেন এণ্ড এড'লেচেপ্ট লাইব্ৰেৰী (ডিজিটেল লাইব্ৰেৰী) নির্মাণত লখিমপুৰ জিলাৰ নাওবৈচা শিক্ষাখণ্ডত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছত সমগ্র শিক্ষা বিভাগৰ মিছন সমন্বয়কৰ কাৰ্যালয়ে ৰাজ্যৰ আন আন জিলাৰ লগতে লখিমপুৰ জিলাৰ আয়ুক্তলৈ লাইব্ৰেৰীত ব্যৱহাৰ কৰা নিম্নমানৰ ফার্নিচাৰ সলনি কৰিবৰ বাবে সাত দিনৰ সময়সীমা নির্ধাৰণ কৰি দিয়ে যদিও লখিমপুৰ জিলাখনৰ বহু বিদ্যালয়ত নিম্ন মানদণ্ডৰে ফাৰ্নিচৰ নিৰ্মান, গৃহ নিৰ্মাণত বৰ্তমানো ব্যাপক অনিয়ম সংঘটিত হৈ আছে । উল্লেখ্য যে, যোৱা মাৰ্চ মাহত চৰকাৰে বিশেষ আঁচনিৰ অধীনত প্রতিখন জিলাৰ প্ৰতিখন গাঁও পঞ্চায়তৰ অধীনত একোখনকৈ চৰকাৰী শিক্ষানুষ্ঠানত আধুনিক সুবিধাবিশিষ্ট এই লাইব্ৰেৰী নিৰ্মাণৰ পদক্ষেপ লৈ তিনি মাহৰ ভিতৰত লাইব্ৰেৰীসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নির্দেশ দিয়ে। লাইব্ৰেৰীৰ বাবে এটা কোঠা নিৰ্মাণ কৰাৰ লগতে একোটাকৈ টিভি আৰু কম্পিউটাৰৰ বাবে মুঠ ১৫.৮৩ লাখ টকাকৈ আবণ্টন দিয়া হয়। বিভাগীয়ভাবে অনুমোদিত এম ডি এফ ব্ৰেণ্ডৰ প্লাইউড নাইবা স্থানীয়ভাৱে উপলব্ধ প্রথম শ্ৰেণীৰ উন্নত মানৰ কাঠেৰে লাইব্ৰেৰীৰ ফার্নিচাৰসমূহ নিৰ্মাণ কৰিবলৈ নির্দেশ দিয়া হৈছিল। কিন্তু নাওবৈচা শিক্ষাখণ্ডৰ অধীনস্থ এ, ডি, কে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিম্নমানৰ কাঠ আৰু প্লাইউডেৰে ফার্নিচাৰসমূহ নিৰ্মাণ কৰে। এই ক্ষেত্ৰত মিছন সমন্বয়কৰ নিৰ্দেশ মতে নিম্নমানৰ ফাৰ্নিচৰ সাত দিনৰ ভিতৰত সলনিৰ নিৰ্দেশ দিয়ে যদিও বিদ্যালয়ৰ প্ৰধান ভোলানাথ দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অতুল শইকীয়া, আৰু কণিষ্ঠ অভিযন্তাৰ গোপন বুজাবুজিত কেৱল কম্পিউটাৰ টেবুল সালসলনি কৰিয়েই দায়িত্ব সামৰে । ইফালে বিদ্যালয়ৰ ডিজিটেল লাইব্ৰেৰী গৃহ নিৰ্মাণত হোৱা অনিয়মৰ ক্ষেত্ৰত বিভাগ কিম্বা বিদ্যালয় প্ৰধান, এছ এম ডি চিৰ সভাপতি নীৰৱ নিমাত । নিৰ্মাণৰ তিনিমাহ নৌহওতেই গৃহটোৰ বাৰাণ্ডাৰ পকী মজিয়াত ফাট মেলা দেখি সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰিছে । বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিদ্যালখনে বছৰি ৭৫ হেজাৰকৈ টকা লাভ কৰে যদিও ৰাইজৰ অভিযোগ মতে উক্ত ধনৰ সদব্যৱহাৰ নহয় । বিদ্যালয় প্ৰধান গৰাকীৰ লুণ্ঠনকামী মনোভাৱৰ বাবেই মধ্যাহ্ন ভোজনৰ খেলিমেলিৰ পৰিপ্ৰেক্ষিত লখিমপুৰ জিলা উপায়ুক্তৰ কৰ্কথনাৰ সন্মুখীন হৈছিল । পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় খনত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে ছাত্ৰ ছাত্ৰীয়ে হাহাকাৰ অৱস্থাৰ মুখামুখি হৈ আহিছে । অস্বাস্থ্যকৰ পৰিবেশত থকা ৰান্ধনী গৃহত মাছৰ কাৰ্টুনত শিল বালি দি পানী ফিল্টাৰ কৰি ছাত্ৰ ছাত্ৰীক পানী যোগানৰ ব্যৱস্থা কৰা হৈছে । ইফালে বিদ্যালয়ৰ কদৰ্যময় পৰিবেশ ছাত্ৰ ছাত্ৰী বাবে অনুকূল নহয় । এই ক্ষেত্ৰত স্থানীয় ৰাইজে জিলা আয়ুক্ত, বিভাগীয় উদ্ধতম কৰ্তৃপক্ষৰ দৃষ্টি কামনা কৰিছে ।


0 Comments:
Post a Comment