মিচিং স্বায়ত্ব পৰিসদৰ উদ্যোগত ৰঙানদীত প্ৰতিশ্ৰুতি, প্ৰতিফলন, আৰু পৰিকল্পনা সভা



লখিমপুৰ,২১ আগষ্ট : মিচিং স্বায়ত্ব পৰিষদৰ উদ্যোগত প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা সন্দৰ্ভত এখনি বিশাল ৰাজহুৱা সভা আজি ২৪ নং ৰঙানদী পৰিষদীয় সমষ্টিত অনুষ্ঠিত হয় । ৰঙানদী সংস্কৃতিক ৰংগমঞ্চত অনুষ্ঠিত উক্ত সভাত সভাপতিত্ব কৰে সমাজকৰ্মী ৰজিত পাৱে। এম এ চিৰ ৰঙানদী সমষ্টিৰ কাৰ্যকৰি সদস্য দেৱৰঞ্জন মৰাঙে উদেশ্য বাখ্যা কৰা সভাত মিচিং স্বায়ত্ব পৰিষদে বিগত সময়ত নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি কেনেদৰে পালন কৰা হল আৰু ইয়াৰ ফলত ৰাইজে কেনেদৰে উন্নয়নৰ মোক্ষ দেখিছে সেই সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে আগন্তুক দিনত পৰিষদখনে ৰাইজৰ উন্নয়নৰ কল্পে কেনেদৰে আগবাঢ়িব সেই সন্দৰ্ভত ৰাইজৰ পৰামৰ্শ বিচাৰে । সভাখনিত এম এ চিৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং , মলেড্ৰ নাৰ্জাৰী , বিশিষ্ট ব্যক্তি কেবিধৰ নৰহ , টি এম পি কেৰ বিজিত পায়েঙ , এম এম কেৰ মনমোহন পেগু , টি এম এম কেৰ হেমলতা পেগু , মিচিং অধ্যুষিত এলেকাৰ বিদ্যালয়ৰ শিক্ষক আৰু গ্ৰাম্য অঞ্চলৰ ৰাইজে অংশ গ্ৰহণ কৰে ।  সভাত ৰাইজৰ অভাৱ অভিযোগ, সমস্যা আদিৰ সন্দৰ্ভত উত্থাপিত অভিযোগ-প্ৰতি অভিযোগৰ উত্তৰ দিয়ে সমষ্টিটোৰ কাৰ্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে । সভাত কেবিধৰ নৰহ, নৰেশ কুম্বাং আদিয়ে মিচিং স্বায়ত্ব পৰিষদে সমষ্টিটোৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু অনাগত দিনত সমষ্টিটোৰ বাবে কৰণীয় সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment