গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ ইডি কাৰ্যালয় ঘেৰাও কৰি ব্যাপক প্ৰতিবাদ

 

গুৱাহাটী,২২ আগষ্ট : প্ৰৱৰ্তন নিৰ্দেশালয় বা এনফৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডি শেহতীয়াকৈ চৰকাৰৰ বহতীয়া হৈ পৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে আজি গুৱাহাটী মহানগৰীতো কংগ্ৰেছ দলে ইডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মহানগৰীৰ খ্ৰীষ্টানবস্তিত আয়কৰ ভৱনৰ সমুখত আজি কংগ্ৰেছ কৰ্মীসকলে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে ইডিক ব্যৱহাৰ কৰি আহিছে আৰু সমগ্ৰ দেশতে বিৰোধী পক্ষৰ ওপৰত ইডিৰ হেঁচা চলি আছে। ইডিক এনে সংবিধান বিৰোধী কাৰ্যৰ পৰা আঁতৰি থাকি নিৰপেক্ষভাৱে সংবিধান প্ৰদত্ত অধিকাৰ অনুযায়ী কাম কৰি যাবলৈকো প্ৰতিবাদৰ জৰিয়তে কংগ্ৰেছে সকীয়াই দিছে বুলিও সভাপতি বৰাই মন্তব্য কৰে। তেওঁ আৰু কয় যে দেশত সংবিধান ৰক্ষাৰ যুঁজ অব্যাহত আছে আৰু তাৰেই অংশ হিচাপে আজি ইডি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংসদ প্ৰদ্যুত বৰদলৈ, ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আজি পুৱাৰ ভাগত শ শ কংগ্ৰেছ কৰ্মীয়ে বিজেপি মূৰ্দাবাদ, যুটীয়া সংসদীয় কমিটি গঠন কৰক, ইডি হায় হায় আদি শ্লগানেৰে  জি এছ ৰোড কঁপাই তুলি ইডি কাৰ্যালয় অভিমুখে ৰাওনা হয়। অসম আৰক্ষীয়ে কংগ্ৰেছৰ এই সমদলত বাধা দিবলৈ চেষ্টা কৰে যদিও সকলো বাধা অতিক্ৰমি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে ইডি কাৰ্যালয়ৰ সমুখত উপস্থিত হয় আৰু ইডিৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা চলায়। কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে কংগ্ৰেছৰ পতাকা আৰু ফ্লেগ লৈ দেশত অগণতান্ত্ৰিক কাৰ্যকলাপ চলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও শ্লগান দিয়ে। কংগ্ৰেছৰ বিভিন্ন জিলাৰ লগতে কামৰূপ মহানগৰ জিলা সমিতি, কামৰূপ গ্ৰাম্য জিলা সমিতিৰ বহু সদস্যই প্ৰতিবাদত অংশগ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা আৰু গ্ৰাম্য জিলা কংগ্ৰেছৰ সভাপতি কংকন দাসৰ নেতৃত্বত কংগ্ৰেছৰ কৰ্মীসকলে এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয়। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰামান্না বৰুৱা, ৰাজেশ যোশী, বিপুল গগৈ, বালিকা পেগু, উপ-সভাপতি গুণ গগৈ, ৰূপা দেউৰী, মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, সেৱা দলৰ সভাপতি দ্বীপ বায়ন, যুৱ কংগ্ৰেছৰ জুবেৰ আনমকে ধৰি বহুসংখ্যক কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment