প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত গুৱাহাটীত আপৰ বিক্ষোভ


গুৱাহাটী,২৩ আগষ্ট : এ পি ডি চি এলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসম বিধান সভা উত্তাল হৈ থকাৰ মাজতে আজি মহানগৰীত আম আদমী পাৰ্টিয়ে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী। গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত বহুসংখ্যক দলীয় কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। হাতে হাতে প্লেকাৰ্ড লৈ আপৰ নেতা-কৰ্মী সকলে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, আদানী স্মাৰ্ট মিটাৰ নচলিব, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা হুচিয়াৰ আদি শ্লোগানেৰে বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদস্থলীত উপস্থিত থকা দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী জনাই কয়, "ৰাজ্য চৰকাৰে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত বিদ্যুত বিল সংগ্ৰহৰ পূৰ্বৰ পদ্ধতি বাহাল ৰখা উচিত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে যি সমূহ প্ৰতিশ্ৰুতি দিছিল, সেইবোৰ পূৰণ কৰিব পৰা নাই। ৰাজ্যত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধি হৈছে। জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি হোৱা নাই। এনে অৱস্থাত চৰকাৰে প্ৰিপেইড স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক মাধমাৰ সোধাইছে। বিজেপিৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানীৰ স্বাৰ্থত অসমীয়া ৰাইজৰ ওপৰত অস্বাভাৱিক বিদ্যুত বিলৰ বোজা জাপি দিছে চৰকাৰে। গতিকে আম আদমী পাৰ্টিয়ে প্ৰিপেইড স্মাৰ্ট মিটাৰ অবিলম্বে প্ৰত্যাহাৰ কৰি পূৰ্বৰ পদ্ধতি বাহাল ৰাখিবলৈ দাবী জনাওঁ।" বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ যুৱনেতা ৰুদ্ৰাংকুৰ হাজৰিকাই বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হয়। তেওঁ প্ৰশ্ন কৰি কয় - 'দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰে যদি ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান দিব পাৰে, তেন্তে অসমৰ তথাকথিত ডাবল ইঞ্জিন চৰকাৰে ৰাইজৰ ওপৰত এনে মাধমাৰ সোধাইছে কিয়? শীঘ্ৰেই চৰকাৰক আদানী মিটাৰ প্ৰত্যাহাৰ কৰি ৰাইজক সকাহ দিবলৈ দাবী আমি দাবী জনাইছোঁ।'

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment