আৰক্ষীক ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত কৰাৰ দাবী অসম জাতীয় পৰিষদৰ


গুৱাহাটী,২৪ আগষ্ট : অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে দিনে দিনে অধিক হাৰত নিৰাপত্তাহীনতাত ভুগিবলৈ লৈছে। এফালে যদি খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ হৈছে, আনফালে মাতৃ-ভগ্নীৰ মৰ্যাদা বিনষ্টৰ প্ৰয়াস চলিছে। ফলত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব আৰু নিৰাপত্তাৰ সংকট ঘনীভূত হ’বলৈ আৰম্ভ কৰিছে ৷ এনে পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে দায়ী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন। কিয়নো এই চৰকাৰখনে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা বা নিৰাপত্তাহীনতা দূৰ কৰাৰ কোনো কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই। বৰং সস্তিয়া ৰাজনৈতিক পাশা খেলৰ হাথিয়াৰ হিচাপে খিলঞ্জীয়াক ব্যৱহাৰহে কৰি আহিছে।' - এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ। শনিবাৰে অজাপৰ গুৱাহাটীৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলটোৰ মুখ্য উপদেষ্টা বসন্ত ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে ধিঙৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ গৃহ বিভাগ চলোৱাত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি মত প্ৰকাশ কৰে। উল্লেখ্য যে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে ধিঙলৈ গৈ শুকুৰবাৰে আক্ৰান্ত পৰিয়াল তথা ৰাইজৰ খবৰ লৈছিল। সেই সন্দৰ্ভত সংবাদমেলত জগদীশ ভূঞাই কয় - 'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধিঙৰ ঘটনাৰ পাছত দুটা কথা কৈছে। প্ৰথমটো যে যোৱা লোকসভা নিৰ্বাচনৰ পাছত এটা বিশেষ সম্প্ৰদায়ৰ দ্বাৰা খিলঞ্জীয়া নাৰীক নিৰ্যাতন হোৱাৰ সংখ্যা বাঢ়িছে আৰু দ্বিতীয়টো হৈছে বিশেষ সম্প্ৰদায়ৰ জনসংখ্যাবহুল এলেকাত খিলঞ্জীয়া মানুহ নিৰাপত্তাহীনতাত ভূগিছে ৷ কিন্ত লোকসভা নিৰ্বাচনৰ ফলাফলৰ সৈতে অপৰাধ বৃদ্ধি হোৱাৰ সম্পৰ্ক কি। যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে তেনেকৈ হৈছে তেনেহ’লে গৃহ বিভাগে কি কৰি আছে। সেইবোৰ প্ৰতিৰোধ কৰাটো গৃহ বিভাগৰ দায়িত্ব নহয় নে কি। যদি প্ৰতিৰোধ কৰিব পৰা নাই, তেনেহ’লে সেয়া গৃহ বিভাগৰ ব্যৰ্থতা নহয় জানো। কথাটো এনেকুৱা নেকি যে এটা বিশেষ সম্প্ৰদায়ৰ মাজত অপৰাধ প্ৰৱণতা বাঢ়িলে বা খিলঞ্জীয়া মানুহে নিৰাপত্তাহীনতা অনুভৱ কৰিলে বিজেপিৰ ৰাজনৈতিক লাভ হয় আৰু সেই কাৰণে তেওঁৰ গৃহ বিভাগ মনে মনে আছে।'

মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে তেওঁৰ চৰকাৰৰ ব্যৰ্থতা উন্মোচন কৰা বুলি উল্লেখ কৰি ভূঞাই কয় - 'হিমন্ত বিশ্ব শৰ্মাই যে গৃহ বিভাগ চলাব পৰা নাই সেয়া স্পষ্ট হৈছে। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে ৰাজ্যত সাম্প্ৰদায়িক বিভেদৰ পৰিৱেশ ৰচনা কৰিছে। এয়া অনুচিত। বিগত ২৩ বছৰ ধৰি ৰাজ্যৰ ক্ষমতাত একেৰাহে থকা একমাত্ৰ ব্যক্তিজন হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁ কংগ্ৰেছত থাকোতে গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ বুলি কৈ বিজেপিক সমালোচনা কৰি মুছলমান তুষ্টিকৰণ কৰিছিল। মাদ্ৰাছাত গৈ টুপী পিন্ধি কোৰাণক পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম গ্ৰন্থ বুলি কৈ মুছলমান তুষ্টিকৰণৰ সকলো সীমা অতিক্ৰম কৰিছিল। তেনেদৰে ৫ বছৰ মুছলমান তুষ্টিকৰণ কৰাৰ পিছত বিজেপিলৈ আহি যোৱা ৮ বছৰে হিন্দু তুষ্টিকৰণ কৰিছে ৷ তেওঁ এনেদৰে এবাৰ হিন্দু তুষ্টিকৰণ আৰু এবাৰ মুছলমান তুষ্টিকৰণ কৰিছে কেৱল ক্ষমতাত থাকিবৰ কাৰণে ৷ তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে যিকোনো পৰ্যায়লৈকে নামি যাব পাৰে ৷ তেওঁ আজিকালি নিজকে হিন্দুৰ ৰক্ষক হিচাপে উপস্থাপন কৰিবলৈ সকলো শক্তি ব্যৱহাৰ কৰিছে ৷ কিন্তু তেওঁ আচলতে কাৰো ৰক্ষক নহয় ৷ তেওঁ কেৱল নিজৰ ৰক্ষক ৷ নিজৰ ক্ষমতা আৰু ধন-সম্পত্তিৰ ৰক্ষক।'

আৰক্ষীয়ে বিচাৰিলে ৰাজ্যত ক্ষুদ্ৰাতিক্ষুদ্ৰ অপৰাধো সংঘটিত হ’ব নোৱাৰে বুলি উল্লেখ কৰি ভূঞাই কয় - 'হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ আৰক্ষীৰ বিষয়াসকলক ছিণ্ডিকেট তথা অন্য অবৈধ উৎসৰ ধন সংগ্ৰহৰ কামত ব্যৱহাৰ কৰাৰ ফলত আৰক্ষীয়ে অপৰাধ নিয়ন্ত্রণত মনোনিৱেশ কৰিব পৰা নাই ৷ আৰক্ষী বিভাগক ৰাজনৈতিক নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰি বিধি অনুসৰি তেওঁলোকক পৰিচালিত কৰিলে ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণ কৰাটো অতি সহজ। অসমীয়া মানুহে নিৰাপত্তাহীনতা অনুভৱ কৰাৰ কাৰণ হ’ল বিজেপিৰ চৰকাৰে প্ৰতিশ্ৰুতি দিও অসম চুক্তি ৰূপায়ন কৰা নাই, বিদেশী চিনাক্ত আৰু বহিস্কৰণ কৰা নাই, ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ অনুসৰি অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষাকৱচৰ ব্যৱস্থা কৰা নাই ৷ লগতে 'কা’ আইনৰ জৰিয়তে বিদেশীক নাগৰিকত্ব প্ৰদানৰ পথ মুকলি কৰিছে।'


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment