নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মন্ত্রী অশোক সিংঘলৰ


গুৱাহাটী,৮ আগষ্ট : চলিত বছৰৰ ভিতৰতে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ লক্ষাধিক পৰিয়ালক পানী যোগানৰ লক্ষ্য স্থিৰ কৰিছে। সেই লক্ষ্যত উপনীত হোৱাৰ বাবে সংশ্লিষ্ট অভিযন্তা-ঠিকাদাৰসকলক যুদ্ধকালীন তৎপৰতাৰে কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী অশোক সিংহলে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত জাইকা সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ৰূপায়ণ সম্পূর্ণ কৰাৰ বাবে খোৱাপানীৰ ঘৰুৱা সংযোগৰ কামো দ্ৰুততৰ কৰি তুলিবলৈ তেওঁ জলবৰ্ডৰ বিষয়াসকলক নিৰ্দেশ দিছে। গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্রী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কার্যালয়ত আজি গুৱাহাটী জল বৰ্ডৰ সৈতে এক দীঘলীয়া পৰ্যালোচনাত মিলিত হৈ বৃহত্তৰ গুৱাহাটী পানীযোগান আঁচনিৰ বিস্তৃত খতিয়ান লয়। বিভাগীয় বিষয়া, অভিযন্তা, প্ৰকল্প পৰামৰ্শদাতা আদিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত প্ৰকল্পৰ কাম-কাজৰ পুংখানুপংখ খতিয়ান লৈ মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট পক্ষসমূহক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। উল্লেখযোগ্য যে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত জল বৰ্ডৰ ৰামচাহিল আৰু অমিয়ানগৰ জল ভাণ্ডাৰ সাজু হৈ উঠিব। একেদৰে অক্টোবৰ মাহত জল বৰ্ডৰ লেচুবাগান, গীতানগৰ আৰু উত্তৰ গুৱাহাটী জল ভাণ্ডাৰ তথা নৱেম্বৰ মাহৰ ভিতৰত নৰকাসুৰ আৰু সোণাইঘূলি জল ভাণ্ডাৰৰ জৰিয়তে মহানগৰীৰ লক্ষাধিক পৰিয়ালক খোৱাপানী যোগান ধৰিব পৰাকৈ গুৱাহাটী জলবৰ্ড সাজু হৈ উঠিব। আনহাতে জল বৰ্ডৰ খোৱাপানী উপলব্ধ অঞ্চলসমূহত এতিয়াও বহুলোকে খোৱাপানীৰ ঘৰুৱা সংযোগৰ বাবে আৱেদন নকৰাৰ প্ৰসংগ উত্থাপন কৰি এই সুবিধা গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ সংশ্লিষ্ট এলেকাসমূহৰ ৰাইজৰ প্রতি আজি পুনৰবাৰ আহবান জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment