ৰাজ্যৰ জিডিপিত ১২ শতাংশ অৱদান আগবঢ়োৱা ৰিয়েল ইষ্টেটকলৈ 'ৰেৰ‍া'ৰ সন্মিলন



গুৱাহাটী,৩ আগষ্ট : ৰাজ্যৰ জিডিপি বৃদ্ধিৰ ক্ষেত্রত ৰিয়েল ইষ্টেট খণ্ডৰ ভূমিকা উল্লেখযোগ্য। এই ৰিয়েল ইষ্টেট খণ্ডৰ বিভিন্ন সমস্যাৰ সমাধান আৰু ইয়াৰ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰিয়েল ইষ্টেট নিয়ামক কৰ্তৃপক্ষৰ (ৰিয়েল ইষ্টেট ৰেগুলেটৰী অথৰিটি, ৰেৰা) এখন গুৰুত্বপূৰ্ণ সন্মিলন গুৱাহাটীত অনুষ্ঠিত হয়। আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ৰ উদ্যোগত আয়োজন কৰা এই সন্মিলনত ৰিয়েল ইষ্টেটৰ বিকাশ সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এখন শ্বেতপত্ৰ উপস্থাপন কৰা হয়। দুই শতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা সন্মিলনখনত 'ৰেৰা' অধ্যক্ষ পৱন কুমাৰ বৰঠাকুৰে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। সন্মিলনত 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই প্ৰম'টাৰসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ ৰেৰাৰ পঞ্জীয়নৰ বাবে বৃহৎ সংখ্যক আৱেদন ৩০ দিনৰ আইনী সময়সীমাৰ বাহিৰত বাকী থকাৰ বিষয়টো উত্থাপন কৰে। লগতে এইবোৰ জৰুৰীভাৱে নিষ্পত্তি কৰাৰ ওপৰত জোৰ দিয়ে। তেওঁ বৰ্তমান জিডিপিত ১২ শতাংশ অৱদান আৰু ৩০০ টা সহযোগী উদ্যোগক সমৰ্থন কৰাৰ উপৰি বৃহৎ নিযুক্তিৰ সৈতে ৰাজ্যখনৰ অৰ্থনীতিত ৰিয়েল ইষ্টেটৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। 

সন্মিলনত 'ৰেৰা'ৰ অধ্যক্ষ পৱন কুমাৰ বৰঠাকুৰে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা ব্যক্ত কৰে আৰু পলম নকৰাকৈ সকলো অমীমাংসিত আবেদন মীমাংসা কৰাৰ আশ্বাস প্ৰদান কৰে। তেওঁ সকলো বাহ্যিক সংস্থাক একেলগে একত্ৰিত কৰি এটা খিৰিকীত সকলো অনুমোদনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আশ্বাস প্ৰদান কৰি কয় যে ৰেৰাৰ প্ৰ'মটাৰ সকলৰ লগতে আৱণ্টনকাৰীসকলৰ প্ৰকৃত অসুবিধাৰ প্ৰতি সংবেদনশীল আৰু প্ৰণালীবোৰ সুশৃংখল কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে। সন্মিলনত পবিত্ৰ ৰাম খাউণ্ড (আই এ এছ), ৰেৰাৰ সদস্য বিনোদ কুমাৰ চেত্ৰী, ৰেৰাৰ সচিব মুক্তি নাথ নাৰায়ণ, দীপক বেজবৰুৱা, ড০ জয়ন্ত পাঠক প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। সন্মিলনত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ, পৰিৱেশ আৰু বন বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড অসম, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মেট্ৰ'পলিটান উন্নয়ন প্ৰাধিকৰণ, ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কৰ্তৃপক্ষ, নগৰ আৰু দেশ পৰিকল্পনা সঞ্চালকালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ প্ৰতিনিধি উপস্থিত আছিল।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment