নিউজ ডেক্স,১০ ছেপ্টেম্বৰ : জি এছ টি পৰিষদৰ সোমবাৰে ৫৪ সংখ্যক বৈঠকত কৰ্কটৰ ঔষধত বলৱৎ হৈ থকা ১২শতাংশ জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰে। ইয়াৰ লগতে বৈঠকত কেইবাটাও সেৱাৰ জি এছ টি ৰদবদল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। জি এছ টি পৰিষদৰ অধ্যক্ষ তথা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰমলা সীতাৰমণে ঘোষণা কৰে যে কেন্দ্ৰীয় আইন আৰু ৰাজ্যিক আইন অনুসৰি প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ পুঁজিত কোনোধৰণৰ জি এছ টি বলৱৎ নহ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নিমকি বা অন্যান্য মুখৰোচক নমকিনত বলৱৎ হৈ থকা ১৮শতাংশ জি এছ টি ৫ শতাংশলৈ হ্ৰামৰ বাবে জি এছ টিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইপিনে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ কিস্তিত বলৱৎ হৈ থকা ১৮ শতাংশ জি এছ টি হ্ৰাসক লৈ বৈঠকত আলোচনা কৰা হৈ যদিও বিষয়টো বিশেষজ্ঞ কমিটীলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰোপৰি হেলিকপ্টাৰেৰে যাত্ৰী পৰিবহণত আসনৰ অংশীদাৰিত্বৰ ভিত্তিত পূর্বৰ ১৮ শতাংশৰ বিপৰীতে ৫ শতাংশ জি এছ টি আৰোপ কৰা হ’ব ৷ গাড়ীৰ চিটৰ জি এছ টি ১৮ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে। মটৰ চাইকেলৰ ২৮ শতাংশ জিএছটিৰ সৈতে সমতা আনিবলৈ মটৰ গাড়ীৰ আসনৰ ক্ষেত্ৰত এই একেধৰণৰ ২৮ শতাংশ হাৰ প্ৰযোজ্য হ’ব। নৱেম্বৰত অনুষ্ঠিতব্য জি এছ টি পৰিষদৰ পৰৱৰ্তী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ২০০০ টকাৰ তলৰ অনলাইন পেমেন্টত ১৮ শতাংশ জি এছ টি বলৱৎ কৰাৰো প্ৰস্তাৱ উত্থাপন হয় যদিও বিষয়টো পৰৱৰ্তী পৰ্যায়ত আলোচনাৰ পোষকতা কৰা হয়। ইপিনে উপ-কৰ ক্ষতিপূৰণ বিতাৰণৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ ববাে মন্ত্ৰী গোট গঠন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।
%20(3).jpeg)
0 Comments:
Post a Comment