ঢেকীয়াখোৱা নামঘৰত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল
গুৱাহাটী,৭ ছেপ্টেম্বৰ : পবিত্র ভাদ মাহৰ এই মধুৰ সময়ছোৱাত আজি যোৰহাটৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰ দৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ কুশলাৰ্থে সেৱা আগবঢ়ায়। সোণোৱালে উল্লেখ কৰে, "মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰৰ আধ্যাত্মিক মহিমা আৰু ভক্তিচেতনাৰ পৰিৱেশে মন-প্ৰাণ সজীৱ কৰি তুলিলে। ভক্তিৰসেৰে প্ৰাণৱন্ত হৈ উঠা ভাদমহীয়া এই মনোভিৰাম পৰিৱেশৰ মাজত ভক্তিপ্ৰাণ ৰাইজৰ সৈতে কিছু ভাললগা মুহূৰ্ত অতিবাহিত কৰি স্মৃতিৰ মণিকোঠাত সাঁচি ৰাখিলোঁ।"


0 Comments:
Post a Comment