অজ'ন স্তৰৰ অৱক্ষয় প্ৰতিৰোধ অবিহনে বিপন্ন হ'ব জীৱকূলৰ অস্তিত্ব : কেশৱ মহন্ত



গুৱাহাটী,১৬ ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰৰ উদ্যোগত অসমতো আজি বিশ্ব অজ'ন দিৱস উদযাপন কৰা হয়। বিজ্ঞান-প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন আৰু পৰিবেশ তথা বন বিভাগৰ উদ্যোগত ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত অজ'ন স্তৰ সুৰক্ষাৰ এই আন্তঃৰাষ্ট্ৰীয় দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্ত আৰু পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। বিশ্ব অজ'ন দিৱসৰ ৰাজ্যিক অনুষ্ঠানত ভাগ লৈ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মহন্তই কয়, 'বায়ুমণ্ডলৰ দ্বিতীয়টো স্তৰ ষ্ট্ৰেট'স্ফিয়েৰত ছাটিৰ দৰে আৱৰি থকা অজ'ন স্তৰ হৈছে মানৱ জাতিৰ লগতে বিশ্বৰ সমগ্ৰ জীৱকূলৰ বাবে সুৰক্ষা কৱচস্বৰূপ। সূৰ্যৰ পৰা বিকিৰিত বায়ুমণ্ডলত সোমোৱা অত্যন্ত ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি ভূপৃষ্ঠলৈ আহিব নোৱাৰাকৈ অজ'ন স্তৰে ষ্ট্ৰেট'স্ফিয়েৰতে শোষণ কৰি প্ৰতিৰোধ কৰাৰ বাবেহে পৃথিৱীখন মানুহ আৰু সকলো জীৱকূলৰ বাবে বাসোপযোগী হৈ আছে। দ্ৰুত ঔদ্যোগিকৰণে মানৱজাতিৰ সমুখত পৰিৱেশ প্ৰদূষণ আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বান সৃষ্টি কৰাৰ সমান্তৰালকৈ অজ'ন স্তৰৰো ব্যাপক ক্ষতি সাধন কৰি মানুহ আৰু সমগ্ৰ জীৱকূলৰ অস্তিত্বলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। কল-কাৰখানা, ঔদ্যৌগিক ক্ষেত্ৰৰ পৰা নিৰ্গত চিএফচি, এইচচিএফচি খদি ৰাসায়নিক উপাদানে বায়ুমণ্ডলত অজ'ন স্তৰৰ ব্যাপক ক্ষতিসাধন কৰাৰ ফলত অজ'ন স্তৰত বৃহৎ সুৰোঙা সৃষ্টি হৈ অতি বেঙুনীয়া ৰশ্মি ভূপৃষ্ঠলৈ অহাৰ আশংকা বৃদ্ধি কৰিছে।' এনে আশংকা প্ৰতিহত কৰি পৃথিৱীখনক ভৱিষ্যত প্ৰজন্মৰ বাবেও বাসোপযোগী কৰি ৰখাৰ স্বাৰ্থত ৰাষ্ট্ৰ সংঘৰ উদ্যোগত ১৯৮৭ চনৰ ১৬ ছেপ্টেম্বৰত কানাডাৰ মণ্ট্ৰীয়েলত মিলিত হৈ বিশ্বনেতৃত্বই বায়ুমণ্ডলত অজ'ন স্তৰৰ অৱক্ষয় প্ৰতিৰোধৰ বাবে উমৈহতীয়া ভাৱে জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণত সন্মতি জনাই মণ্ট্ৰীয়েল প্ৰট'কলত স্বাক্ষৰ কৰাৰ বিষয়ে মন্ত্ৰী মহন্তই উল্লেখ কৰে। ভাৰতসহ বিশ্বৰ ১৯৮খন ৰাষ্ট্ৰই স্বীকৃতি দিয়া এই পৰিৱেশ সুৰক্ষা বিষয়ক প্ৰট'কল দৃঢ়তাৰে কাৰ্যৰূপায়ন কৰি ২০৪০ চনৰ ভিতৰতে অজ'ন স্তৰক পুনৰ ১৯৮০ চনৰ পৰ্যায়লৈ ঘূৰাই অনাৰ দিশত ইতিবাচক ৰূপত বিশ্বসম্প্ৰদায় আগবঢ়া বুলি তেওঁ দোহাৰে। ৰাজ্যৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ড° সত্যেন্দ্ৰ সিং, অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতিৰ জ্যেষ্ঠ পৰামৰ্শদাতা ৰিজুৱান উজ জামান, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালক ড° জয়দ্বীপ বৰুৱা, ডিমৰীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মানবজ্যোতি বৰকটকীয়েও ভাগ লোৱা এই ৰাজ্যিক পৰ্যায়ৰ বিশ্ব অজ'ন দিৱসৰ কাৰ্যসূচীত ঔদ্যোগিক ক্ষেত্ৰৰ পৰা নিৰ্গত ৰাসায়নিক উপাদানসৃষ্ট প্ৰদূষণ, বনভূমিৰ দ্ৰুত সংকোচন আদি বিভিন্ন কাৰকৰ বাবে ঘটা অ’জন স্তৰৰ ব্যাপক অৱক্ষয়ে মানৱজাতি তথা সমগ্ৰ জীৱকূলৰ অস্তিত্বৰ প্ৰতি কঢ়িয়াই অনা ভাবুকি, মণ্ট্ৰীয়েল চুক্তিৰ গুৰুত্ব আৰু কাৰ্যব্যৱস্থাৱলী, জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ, ইণ্ডিয়া কুলিঙ এক্সন প্লেন, অজ'ন স্তৰৰ সুৰক্ষা আৰু জলবায়ু পৰিবৰ্তন ৰোধৰ বাবে বিশ্বজুৰি গ্ৰহণ কৰা কাৰ্য-নীতিসমূহৰ বিষয়ে আলোকপাট কৰা হয়। ডিমৰীয়া মহাবিদ্যালয়ত আয়োজিত আজিৰ দিনযোৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা টাটা সমাজ বিজ্ঞান প্ৰতিষ্ঠানৰ ড° অভিনন্দন শইকীয়া, কটন মহাবিদ্যালয়ৰ ড° ৰাহুল মহন্ত আৰু আন্তঃৰাষ্ট্ৰীয় বন্য সম্পদ গৱেষণা প্ৰতিষ্ঠানৰ মাছফিক হাজৰিকাই জলবায়ু সম্পৰ্কীয় ক্ৰিয়া-কলাপ, বহনক্ষম উন্নয়ন আৰু অজন স্তৰৰ সুৰক্ষা বিষয়ক গোলকীয় পদক্ষেপ আদিৰ বিষয়ে আলোকপাত কৰে। এই দিৱসৰ সংগতি থকা বিষয়বস্ত আধাৰিত বক্তৃতা, পোষ্টাৰ অংকন প্ৰতিযোগিতা আয়োজনৰ লগতে গছপুলি ৰোপন কাৰ্যসূচীও ৰূপায়ন কৰা হয়। ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগ আৰু এছটেকে আজি জিলা স্তৰতো এই দিৱসৰে সংগতি ৰাখি মহাবিদ্যালয়সমূহৰ ইক’ক্লাৱ আৰু বিজ্ঞান কোষৰ জড়িয়তে ইণ্ডিয়া কুলিং এক্সন প্লেন ২০২৪ ৰ ওপৰত সজাগতামূলক কাৰ্যসূচী ৰূপায়নৰ লগতে গছপুলি ৰোপণৰ ব্যৱস্থা কৰে। ইয়াৰ লগতে বিভিন্ন প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলৰ উপস্থিতিত প্ৰযুক্তি সৰ্ন্দভত কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment