পৰীক্ষাৰ বাবে নাথাকিব ইণ্টাৰনেট সেৱা : কেতিয়া কিমান সময় নাথাকে ইণ্টাৰনেট


গুৱাহাটী,১৪ ছেপ্টাম্বৰ : দেওবাৰে অনুষ্ঠিত হ'বলগীয়া ADRE-2024-ৰ উচ্চতৰ মাধ্যমিকৰ তৃতীয় বৰ্গৰ পৰীক্ষা স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে বহু কেইটা পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ অংশ হিচাপেই দেওবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ১-৩০ বজালৈ সমগ্ৰ ৰাজ্যতে মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ'ব। এক বিবৃতিৰ জৰিয়তে এই বিষয়ে উল্লেখ কৰা হৈছে। বিবৃতি অনুসৰি উল্লিখিত সময়ত মোবাইল ইণ্টাৰনেট, মোবাইল ডাটা, মোবাইল ৱাইফাই সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। উল্লেখ্য যে ইয়াৰ পূৰ্বৰ ADRE পৰীক্ষাতো ৰাজ্য চৰকাৰে মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল। প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা ৰোধ কৰাৰ বাবেই চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি এতিয়াৰে পৰা পৰীক্ষাত যাতে কোনো পৰীক্ষাৰ্থী, অভিভাৱকে নকল কৰা, নকল যোগান ধৰা অথবা আন অসৎ কাৰ্যত লিপ্ত হ'ব নোৱাৰে তাৰ বাবে ইতিমধ্যে অসম বিধানসভাত এক আইনো গৃহীত কৰিছে। বিধানসভাত গৃহীত হোৱাৰ লগতে কাৰ্যকৰী হোৱা 'অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন-২০২৪' অনুসৰি কোনো পৰীক্ষাৰ্থীয়ে উল্লেখিত অসৎ উপায় অৱলম্বন কৰে তেন্তে তেওঁলোকৰ ৩ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। তাৰোপৰি ক্ষতিপূৰণ হিচাপে ১ লাখৰ পৰা ১ কোটি পৰ্যন্ত জৰিমণা ভৰিব লগীয়াও হ'ব পাৰে।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment