ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধৰ বাবে নতুন পদক্ষেপৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
নিউজ ডেক্স,২৮ ছেপ্টেম্বৰ : ডিব্ৰুগড় চহৰৰ নলা-নৰ্দমা চাফা কৰি ৰখাৰ বাবে ডিব্ৰুগড় পৌৰ নিগমৰ পাঁচখন মিনি ছুপাৰ ছাকাৰ আজি মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰতিখন ছুপাৰ ছাকাৰৰ সৈতে থাকিব তিনিটাকৈ ডাম্প টেংক। ইয়াৰ যোগেদি সৰু সৰু পথৰো নলা-নৰ্দমা চাফা কৰাটো সহজসাধ্য হ'ব আৰু ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধ কৰাত যথেষ্ট সহায়ক হ'ব। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ আৰু উপ-মেয়ৰ উজ্জ্বল ফুকন প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

0 Comments:
Post a Comment