ছেমিকণ্ডাক্টৰ উদ্যোগ সন্দৰ্ভত মল্লিকাজুন খৰ্গেৰ পুত্ৰৰ মন্তব্যত ক্ষুব্ধ সদৌ অসম নিবনুৱা সন্থা


লখিমপুৰ,২৮ ছেপ্টেম্বৰ : জাগীৰোডত স্থাপন কৰিবলগীয়া ছেমি কণ্ডাক্টৰ  উদ্যোগক লৈ কংগ্ৰেছ সভাপতি মল্লিকাজুন খৰ্গেৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খৰ্গেৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি সদৌ অসম নিবনুৱা সন্থাই লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সন্থাই লখিমপুৰ নগৰৰ মাজমজিয়াত মন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহ কৰি মন্ত্ৰী গৰাকীৰ মন্তব্যক ধিক্কাৰ দিয়ে। প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি ধর্মেন্দ্ৰ দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই  কয়-  "দীর্ঘ দিনৰ মূৰত অসমলৈ উদ্যোগীকৰণ ব্যৱস্থাই অসমৰ নিবনুৱা সকলৰ সংস্থাপনৰ পথ সুগম হৈছে। শেহতীয়াকৈ জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ জৰিয়তে অসমৰ ৩০ হেজাৰ নিবনুৱা যুৱক-যুবতীয়ে সংস্থাপন লাভ কৰিব। কিন্তু এনে সময়তে  সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্রী প্রিয়াংক খার্গে অসমত দক্ষতাৰ অভাৱ আৰু গৱেষণাৰ কোনো পৰিৱেশ নাই, এনে স্থলত অসমত কিয় ছেমি কণ্ডাক্ট প্রকল্প স্থাপন কৰাৰ পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য কৰিছে। সদৌ অসম নিবনুৱা সন্থাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে গৰিহণা প্ৰদান কৰিছে।"  আজি লখিমপুৰ নগৰৰ মাজ মজিয়াত প্রিয়াংক খাৰ্গেৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি প্রিয়াংক খাৰ্গেক অসমবাসীৰ ওচৰত ক্ষমা খুজিবৰ বাবে নিবনুৱা সন্থাই দাবী জনাইছে। লগতে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি আৰু অসম প্রদেশ কংগ্ৰেছ দলক তেখেত সকলৰ স্থিতি স্পষ্ট কৰিবৰ বাবে নিবনুৱা সন্থাই দাবী জনাইছে। এই মন্তব্যৰ পাছতো অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আদি কংগ্ৰেছ নেতাই কিয় মৌন ব্ৰত পালন কৰিছে আৰু এতিয়ালৈকে কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলি নিবনুৱা সন্থাই তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ নেতা সকলক এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ দাবী জনাইছে। নিবনুৱা সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ আজি নেতৃত্ব দিয়ে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱা, জিলা নিবনুৱা সন্থাৰ সভাপতি  বিনোদ দাস, সাধাৰণ সম্পাদক ভূপেন সোণোৱাল , সাংগঠনিক সম্পাদক ফজলুৰ ৰহমান,  উপ সভাপতি ৰাজু দাস,সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক চিৰন্তন হাজৰিকাই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment