লক্ষ্য ২০২৬ৰ নিৰ্বাচন : বিজেপি চৰকাৰৰ অৰুণোদয় বনাম কংগ্ৰেছৰ ন-লখিমী


গুৱাহাটী,১৯ ছেপ্টেম্বৰ : লক্ষ্য ২০২৬ৰ নিৰ্বাচন। তাৰ পূৰ্বে চমক দিয়াৰ প্ৰচেষ্টা শাসক-বিৰোধীৰ। ৰাজ্যৰ প্ৰতিটো সমষ্টিতে গড়ে ১০ হাজাৰ হিতাধিকাৰী বৃদ্ধিৰ লক্ষ্যৰে বিজেপি চৰকাৰে আজি অৰুণোদয় ৩.০ মুকলি কৰাৰ পাছতে বিৰোধী দল কংগ্ৰেছে নাম ল'লে ন-লখিমী আঁচনিৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২০২৬ত কংগ্ৰেছৰ চৰকাৰ আহিলে ন-লখিমী আঁচনি দিয়াৰ কথা ঘোষণা কৰে। আজি বিজেপিৰ অৰুণোদয় আঁচনি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয় - "অৰুণোদয় কৰাৰ বাবে আমি বেয়া পোৱা নাই। কিন্তু অৰুণোদয় দি আমাৰ ৰাজ্য নচলে। আজি আমাৰ ১২৬০০ চাকৰিৰ বিপৰীতে ৩২ লাখে আবেদন কৰিছে। ৩২ লাখৰ ১২৬০০ জনে চাকৰি পাব যদিও বাকী সকলৰ কথা মুখ্যমন্ত্রীয়ে ভাবিছে নে নাই। আমি সেইখিনিৰ কথা চিন্তা কৰি আছো। ২০২৬ চনত যেতিয়া আমাৰ চৰকাৰ আহিব তেতিয়া আমি অৰুণোদয় বন্ধ কৰি ন-লখিমী আঁচনি প্ৰৱৰ্তন কৰিম। মুখ্যমন্ত্রীয়ে বাচি বাচি বিজেপিৰ সদস্যপদ লোৱা সকলকহে অৰুণোদয় দি আছে। এতিয়া বিজেপিৰ মন্ত্রী-বিধায়ক সকল যোৱা সভালৈ মানুহ নহয়। ফৰ্ম দিম বুলি কৈ মিটিঙলৈ মানুহ গোটাবলগীয়া হৈছে। কিন্তু কংগ্ৰেছৰ নেতৃত্বত যেতিয়া বিৰোধীৰ চৰকাৰ আহিব তেতিয়া আমি ন-লখিমীৰ যোগেদি জাত-পাত-ভাষা বিশ্লেষণ নকৰি প্ৰত্যেকগৰাকী পাবলগীয়া মহিলাক মাহৰ ৯ তাৰিখে তিনি হাজাৰ টকাকৈ দিম।" ইফালে দেৱলাল গাৰ্লোচাই ঘৰত বন্যপহু ৰখাৰ প্ৰসংগত ভূপেন বৰাই কয় - "যিখন ৰাজ্যত মুখ্যমন্ত্রীয়ে কাজিৰঙাৰ জীৱ-জন্তুক আম্বানীৰ ঘৰ শোৱনি কৰাৰ বাবে পঠাই দিয়ে। গতিকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হৈ থকালৈকে কাজিৰঙাৰ দুষ্প্ৰাপ্য জীৱ-জন্তুৰ ক্ষেত্রত এনে ঘটনা ঘটিব পাৰে।"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment