স্মাৰ্ট মিটাৰ : লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
লখিমপুৰ,১৯ ছেপ্টেম্বৰ : অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ দ্বাৰা লখিমপুৰ জিলাবাসী ৰাইজৰ ঘৰে ঘৰে পূৰ্বৰ বিদ্যুৎ সংযোগৰ মিটাৰৰ পৰিৱৰ্তে নতুনকৈ যি স্মার্ট সংযোগ কৰিছে বর্তমান সময়ত অর্থনৈতিক সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে, এই স্মটি মিটাৰ। আজি ইয়াৰ প্ৰতিবাদতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে লখিমপুৰ বিদ্যুৎ সংমণ্ডল কাৰ্যলয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ - অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে স্মটি মিটাৰৰ জৰিয়তে অত্যাধিক মাছুল সংগ্ৰহ কৰি ৰাইজক লুণ্ঠন কৰাৰ এক কুট কৌশল ৰচনা কৰিছে। স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা ঠিকাদাৰ পক্ষই বিভিন্ন চল-চাতুৰি, ব্লেক মেইলিং, ভাবুকিৰে স্মটি মিটাৰ লগাবলৈ ৰাইজক বাধ্য কৰোৱাটো কোনো পধ্যে গ্রহণ যোগ্য নহয়। আত্যাধিক বিদ্যুৎ মাছুলে ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজক বিপৰ্য্যৰ মাজলৈ ঠেলি দিছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰক দাবী সমূহ শীঘ্ৰে সমাধান কৰাৰ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । অন্যথা কৃষক মুক্তি সংগ্রাম সমিতিয়ে অনাগত দিনত নিৰবিচ্ছিন্ন গণ-আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিছে । সংগ্ৰাম সমিতিৰ দাবী -স্মটি মিটাৰ লগাবলৈ গৈ সাধাৰণ জনসাধাৰণক ভয়-ভাবুকি, ব্লেক মেইলিং কৰা ঠিকাদাৰ পক্ষৰ ওপৰত বিহিত আইনগত ব্যবস্থা গ্রহণ কৰক। স্মটি মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাছুল সংগ্ৰহ কৰা বন্ধ কৰক। যি সকল সাধাৰণ ৰাইজৰ পৰা অত্যাধিক বিদ্যুৎ মাছুল সংগ্ৰহ কৰা হল তেওঁলোকক তৎকালিনভাবে অতিৰিক্তভাবে সংগ্ৰহ কৰা বিদ্যুৎ মাছুল সমূহ ঘুৰাই দিয়াৰ ব্যৱস্থা গ্রহণ কৰক। পূৰ্বৰ পুৰণা মিটাৰ সমূহৰ পৰিৱৰ্তে সাধাৰণ ৰাইজৰ ঘৰত নতুনকৈ যি স্মটি মিটাৰ সমূহ ঘুৰাই আনি পূৰ্বৰ বিপিএল আৰু এনিল মিটাৰ সমূহ ঘুৰাই দিয়াৰ ব্যৱস্থা গ্রহণ কৰক। উন্মুক্ত হৈ থকা বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ কেটেল গডি লগোৱা ব্যৱস্থা গ্রহণ কৰক। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মণ্ডলী আব্দুল মান্নান খগেন চাংমাই , যুটীয়া সম্পাদক লাচিত বৰা, কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰি সভাপতি ৰাজু বৰপাত্ৰ গোহাঁই , সাংগঠনিক সম্পাদক চাহানুৰ ইছলাম আদিয়ে।

0 Comments:
Post a Comment