লখিমপুৰত পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতি : পত্নীক চোকা অস্ত্ৰৰে হত্যা কৰি আত্মহনন স্বামীৰ
লখিমপুৰ,২ ছেপ্টেম্বৰ : লখিমপুৰৰ বড়িমুৰি বৰবচাত আজি পুৱাই এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। পাৰিবাৰিক কন্দলৰ পৰিণতিত আৰক্ষীৰ এজন লেন্স নায়কে তেওঁৰ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ লগতে আত্মহনন কৰে। ঘটনাৰ বিৱৰণি অনুসৰি আজি পুৱা লখিমপুৰ আৰক্ষীৰ লেন্স নায়ক তথা কিক বক্সিং প্ৰশিক্ষক বসন্ত শইকীয়াই (৪৫) বড়িমুৰি বৰবচাত থকা নিজৰ বাসভৱনত পত্নী হিৰণ শইকীয়াক (৪০) পুৱা ৪-৩০ মান বজাত ঘপিয়াই হত্যা কৰে। এই ঘটনাৰ পিছতে আৰক্ষী বিষয়াজনে নিজে বিষ পান কৰি আত্মহননৰ পথ বাচি লয়। এই ঘটনাই সমগ্ৰ লখিমপুৰত গভীৰ শোকৰ ছাঁ পেলোৱাৰ লগতে নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি পুৱতি নিশা বসন্ত শইকীয়াই দুই পুত্ৰ-কন্যাক ঘৰৰ ভিতৰত আৱদ্ধ কৰি পিছফালে পত্নীক চোকা অস্ত্ৰৰে কেইবাটাও ঘাপ মাৰি হত্যা কৰাৰ লগতে তেওঁ বিষ পান কৰি আত্মহত্যা কৰে। শইকীয়াই বিষ পান কৰি এটা পানী টেংকীত নিজৰ মূৰটো গুজি দিয়াৰ পিছত স্থানীয় লোকে পুত্ৰ-কন্যাক ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনে। মাতৃৰ মৰণ কাতৰ চিঞৰ শুনি দুই পুত্ৰ-কন্যাই ওচৰ-চুবুৰীয়াৰ সহায় বিচাৰি চি়ঞৰ-বাখৰ কৰাত ওচৰৰ প্ৰতিবেশী লোক আহি দুয়োকে উদ্ধাৰ কৰে। বসন্ত শইকীয়াই ঘৰৰ আগফালৰ গ্ৰীলত তলা লগাই পিছফালে দূৱাৰ বন্ধ কৰি ২৩ বছৰীয়া পুত্ৰ আৰু ১৫ বছৰীয়া কন্যাক আৱদ্ধ কৰি এই ঘটনা সংঘটিত কৰে। পিছত লখিমপুৰ সদৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। বসন্ত শইকীয়াৰ প্ৰকৃত ঘৰ লখিমপুৰ জিলাৰ ঘিলামৰাৰ ঘাৰমৰাত যদিও যোৱা ৫ মাহ মানৰ পূৰ্বে তেওঁ লখিমপুৰ নগৰৰ উপকণ্ঠ চৰাইমুৰীয়াৰ বড়িমুৰি বৰবচাত নতুনকৈ নিৰ্মাণ কৰা বাসগৃহত পত্নী, পুত্ৰ-কন্যাৰ লগত সহবাস কৰি আছিল। তেওঁ লখিমপুৰৰ পি আই কৰ্টত আৰক্ষীৰ দায়িত্বত থকাৰ সময়তে এনে ঘটনা সংঘটিত কৰাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে। উল্লেখনীয় কথা যে অসম আৰক্ষীৰ এইজন লেন্স নায়কে কিক বক্সিঙতো যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল। সদা হাস্যমুখৰ, সকলোৰে মাজত জনপ্ৰিয় আৰক্ষী বিষয়াজনৰ এনে কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে। কিছুদিনৰ পৰা তেওঁৰ পত্নীৰ লগত পাৰিবাৰিক সংঘাতৰ সৃষ্টি হৈ আহিছিল আৰু তাৰ কৰুণ পৰিণতিৰ ফলস্বৰুপেই আজি এই ঘটনা সংঘটিত হয়।

0 Comments:
Post a Comment