লখিমপুৰত স্মার্ট মিটাৰ বন্ধৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
লখিমপুৰ,১ ছেপ্টেম্বৰ : স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আজি অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে ৰঙানদীৰ বক্ষত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ মঞ্চই প্রতীকী স্মার্ট মিটাৰ নৈৰ বুকুত উটুৱাই দি এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অসমৰ ৰাইজকো স্মার্ট মিটাৰ দলিয়াই দিবলৈ আহ্বান জনায়। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতীকী স্মার্ট মিটাৰ নদীৰ পানীত উটুৱাই দিয়ে। প্ৰতিবাদকাৰীসকলে 'অসম চৰকাৰ হায় হায়', ' বিদ্যুৎ বিভাগ হায় হায়', 'বিজেপি মুর্দাবাদ, 'শক্তিমন্ত্রী নন্দিতা গার্লোচাই পদত্যাগ কৰক' আদি শ্লোগান দি নদীৰ বক্ষ উত্তাল কৰি তোলে। এই প্রতিবাদত অংশগ্রহণ কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সম্পাদক অনুপম শইকীয়াই স্মার্ট মিটাৰক তেজপিয়া মিটাৰ বুলি আখ্যা দি কয়, - "স্মার্ট মিটাৰে জনসাধাৰণৰ তেজ শুহি খাইছে। মাহত হেজাৰ হেজাৰ টকাৰ বিল আহে স্মার্ট মিটাৰৰ পৰা। যাৰবাবে জনসাধাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে।" অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে অসম চৰকাৰক অতি শীঘ্ৰে স্মার্ট মিটাৰ বন্ধ কৰিবলৈ দাবী জনায়, অন্যথা ৰাইজক লগত লৈ জংগী আন্দোলন বুলিও সকীয়াই দিয়ে।

0 Comments:
Post a Comment