গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী কেশৱ মহন্ত



গুৱাহাটী,২০ ছেপ্তেম্বৰ : জনসাধাৰণৰ মাজত নিজৰ স্বাস্থ্যক লৈ আগতীয়া সচেতনতাৰ অভাৱৰ বাবেই ভাৰতৰ বৃহৎসংখ্যক লোক ৰোগাক্ৰান্ত হৈ চিকিৎসালয়লৈ ঢাপলি মেলিব লগা হয়। এই আক্ষেপ ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, তথ্য প্ৰযুক্তি, পৰিবহণ, মীন আৰু আৱকাৰী মন্ত্ৰী কেশৱ মহন্তৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰয় জ্যেষ্ঠ মন্ত্ৰী তথা সদ্যপ্ৰাক্তন স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, 'নিজৰ স্বাস্থ্যক লৈ আগতীয়া সচেতনতাৰ অভাৱৰ বাবেই আমাৰ দেশত মানুহ বেছিকৈ ৰোগাক্ৰান্ত হয়। বিদেশৰ মানুহ নিজৰ স্বাস্থ্যক লৈ আগতীয়াকৈ সম্পূৰ্ণ সচেতন। তেওঁলোকে নিৰোগী হৈ থাকোতেই চিকিৎসকৰ নিয়মীয়া যোগাযোগত থাকি গুৰুতৰ ৰোগৰ কাৰক-আগতীয়া প্ৰতিকাৰ আদিৰ বিষয়ে অৱগত হৈ নিজকে ৰোগমুক্ত কৰি ৰখাত সৰ্বাধিক গুৰুত্ব দিয়ে। ৰোগীয়া হ'লেহে চিকিৎসকৰ ওচৰলৈ যাবলৈ উন্নত দেশৰ লোক ৰৈ নাথাকে। ইয়াৰ বিপৰীতে আমি ৰোগাক্ৰান্ত হ'লেহে চিকিৎসক-চিকিৎসালয়লৈ দৌৰো। তাৰ আগতেই নিজকে নিৰোগী কৰি ৰখাত, নিজৰ স্বাস্থ্যক লৈ সচেতন হৈ থকাত আমি মুঠেই গুৰুত্ব দিবলৈ শিকা নাই। আমি ৰোগ হ'লেহে চিকিৎসকৰ ওচৰলৈ যাও।' আমাৰ জনসাধাৰণৰ মাজত এনে মানসিকতাৰ পৰিৱৰ্তন ঘটাই নিজৰ স্বাস্থ্যকলৈ আগতীয়াকৈ সচেতনতাৰে ৰোগমুক্ত সমাজৰ ধাৰণাৰে অভ্যস্ত কৰোৱাৰ বাবে জন আন্দোলন গঢ়াৰো পোষকতা কৰে মন্ত্ৰী মহন্তই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে অসমত আধুনিক চিকিৎসা শিক্ষাৰ বাটকটীয়া ড০ জ'ন বেৰী হোৱাইটক শ্ৰদ্ধাৰে স্মৰণ কৰে। বিগত কেইবছৰ মানত ৰাজ্যখনত চিকিৎসা শিক্ষাৰ আন্তঃগাথঁনিৰ ব্যাপক সম্প্ৰসাৰণ ঘটাৰ লগতে স্বাস্যসেৱা খণ্ডৰো আমচল পৰিবৰ্তন ঘটা বুলি তেওঁ দোহাৰে। চলিত বৰ্ষত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় উদ্বোধনৰ পাছত ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৩খনলৈ বৃদ্ধি পোৱাৰ উপৰি আন দহখন নতুন চিকিৎসা মহাবিদ্যালয়ৰো নিৰ্মাণ কাৰ্য বিভিন্ন পৰ্যায়ত থকা বুলি মন্ত্ৰী মহন্তই উল্লেখ কৰে। আগন্তুক ৪-৫ বছৰৰ ভিতৰতে ৰাজ্যখনত মুঠ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২৩-২৪খন হ'বগৈ বুলি উল্লেখ কৰি মন্ত্ৰী মহন্তই নতুন চিকিৎসা মহাবিদ্যালয়সমূহক আগবঢ়াই নিবলৈ প্ৰয়োজন হোৱা অধ্যাপক-অধ্যাপিকা তথা চিকিৎসা বিশেষজ্ঞৰ মানৱসম্পদৰ চাহিদা পূৰোৱাৰ গুৰু দায়িত্ব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰকে ধৰি পুৰণি চিকিৎসা মহাবিদ্যালয়কেইখনে কান্ধ পাতি ল'ব লাগিব বুলি মতপোষণ কৰে। ইয়াৰ বাবে এতিয়াৰে পৰাই উপযুক্ত কাৰ্যপৰিকল্পনা যুগুত কৰি পৰ্যাপ্ত মানৱ সম্পদ গঢ়াত মনোনিৱেশৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কো তেওঁ আহ্বান জনায়। বিগত কেইবছৰমানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে শৈক্ষিক দিশত বহুখিনি উত্তৰণ ঘটাবলৈ সক্ষম হোৱাত সন্তষ্টি প্ৰকাশ মন্ত্ৰী মহন্তই জিএমচিয়ে চিকিৎসা গৱেষণাৰ দিশটোত আৰু অধিক মনোযোগ দিয়াৰ পোষকতা কৰে। তেওঁ কয়, 'শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে জনসাধাৰণৰ বাবে অত্যাধুনিক চিকিৎসা সেৱা উপলব্ধ কৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে যথেষ্ট সফলতা দেখুৱাবলৈ সক্ষম হৈছে। কিন্তু সেই অনুপাতে গৱেষণাৰ দিশটোত চকুত পৰা ধৰণৰ অগ্ৰগতি লাভত এতিয়াও বহু কৰণীয় ৰৈ গৈছে যেন অনুভৱ হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অসমত চিকিৎসা গৱেষণাৰ দিশটোত নেতৃত্ব প্ৰদানৰ বাবে আগবাঢ়ি আহক, তাৰ বাবে আমি মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক, শিক্ষাৰ্থী সকলোকে আহ্বান জনাইছো।' অনুষ্ঠানত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য সমুদ্ৰগুপ্ত কাশ্যপ, শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ধ্ৰুৱজ্যোতি বৰা, ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা-গৱেষণা বিভাগৰ আয়ুক্ত সচিব ড০ সিদ্ধাৰ্থ সিং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ একাধিক প্ৰাক্তন অধ্যক্ষ, ভালেকেইগৰাকী প্ৰাক্তন অধ্যাপক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰ্তমানৰ বিভাগীয় মূৰব্বী, অধ্যাপক, ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment