গুৱাহাটীৰ নুনমাটিত জব্দ ভাং, এজনক গ্ৰেপ্তাৰ


গুৱাহাটী,১৯ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীৰ নুনমাটিৰ চেক্টৰ ৩-ত নুনমাটি আৰক্ষীৰ অভিযান। এক গোপন সূত্ৰৰ পম খেদি নুনমাটি আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ ভাং। অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২.৮৭ কেজি ভাংসহ আটক কৰে মাদাৰ চান্দ দাস নামৰ এজন লোকক। উল্লেখ যে বিগত বহু দিন ধৰি লোকজনে নুনমাটি  অঞ্চলত ভাঙৰ ৰমৰমীয়া বেহা আহিছিল। উল্লেখ্য যে পূৰ্বেও নুনমাটি আৰক্ষীয়ে একেই গোচৰতেই মাদাৰ চান্দ দাস নামৰ লোক জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰিছিল। জেলৰ পৰা ওলাই আহি পুনৰ লোকজনে এই ব্যবসায় চলাই আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment