লণ্ডনত মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় দল



গুৱাহাটী,৩ ছেপ্তেম্বৰ : ইংলেণ্ডৰ 'ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা'ৰ অধীনৰ আগশাৰীৰ চিকিৎসা শিক্ষা-গৱেষণা শিক্ষানুষ্ঠান তথা ৰাজহুৱা স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহ পৰিদৰ্শনেৰে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে লণ্ডনলৈ গৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এটা উচ্চস্তৰীয় দল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি যোৱা স্বাস্থ্য বিভাগৰ এই ভ্ৰমণকাৰী দলটোক নেতৃত্ব দিছে ৰাজ্যৰ পৰিবহন, বিজ্ঞান-প্ৰযুক্তি, তথ্য প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্যৰ স্বাস্থ্যখণ্ডত ৰূপায়িত বহিঃ সাহাৰ্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ পৰিকল্পনা, তত্বাৱধান আৰু কাৰ্যৰূপায়নত সমন্বয়ৰ বাবে গঠিত 'অসম স্বাস্থ্য আন্তঃগাথঁনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতি' (এ এইচ আই ডি এম এছ)ৰ তত্বাৱধানত ৰূপায়িত বিশ্ববেংকৰ সাহাৰ্যপ্ৰাপ্ত 'অসম ৰাজ্যিক দ্বিতীয়স্তৰৰ স্বাস্থ্যসেৱা প্ৰয়াস' (এ এছ এছ আই এছ টি) প্ৰকল্পৰ অধীনৰ 'অভিজ্ঞতা আহৰণ কাৰ্যসূচী'ৰ অংশ হিচাপে দেওবাৰে নিশা লণ্ডনত উপস্থিত হয় দলটো। মন্ত্ৰী মহন্তৰ সৈতে দলটোত গৈছে স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, অসম চিকিৎসা সেৱা নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ডাঃ ৰবীন কুমাৰ, এন এইচ এম অসমৰ কাৰ্যবাহী সঞ্চালক তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সচিব তথা স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰ। মন্ত্ৰী মহন্ত আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াকেইগৰাকীয়ে এই মহত্বপূৰ্ণ চৰকাৰী ভ্ৰমণসূচীৰ অংশ হিচাপে মঙলবাৰে 'এন এইচ এছ'ৰ অধীনৰ লণ্ডনস্থিত 'ইউনাইটেড মেডিকেল এণ্ড ডেণ্টেল স্কুলছ অব গাইজ এণ্ড ছেইণ্ট থ'মাছ হস্পিতেল' ভ্ৰমণ কৰে। লণ্ডনৰ ইতিহাস প্ৰসিদ্ধ 'কিংছ কলেজ'ৰ চিকিৎসা শিক্ষা-গৱেষণা তথা ক্লিনিকেল প্ৰেক্টিচ শাখাৰ অন্তৰ্গত তিনিটা বিখ্যাত চিকিৎসা শিক্ষা চৌহদত বিভক্ত এই আগশাৰীৰ চিকিৎসা শিক্ষানুষ্ঠানখনৰ টেমছ নদীৰ দক্ষিণপাৰত বিখ্যাত 'লণ্ডন ব্ৰিজ'ৰ সমীপত অৱস্থিত 'গাইজ কেম্পাছ' আৰু চেণ্ট্ৰেল লণ্ডনৰ লামবেথস্থিত 'ছেইণ্ট থ'মাছ হস্পিতেল' চৌহদ দুটা দৰ্শন কৰি অসম চৰকাৰৰ উচ্চস্তৰীয় দলটোৱে ইংলেণ্ডৰ অত্যাধুনিক চিকিৎসা শিক্ষা-গৱেষণা আৰু ৰোগী চিকিৎসা অনুশীলন (ক্লিনিকেল প্ৰেক্টিচ) ব্যৱস্থাপনাৰ চাক্ষুক অভিজ্ঞতা আহৰণ কৰাৰ লগতে অনুকৰণযোগ্য গুৰুত্বপূৰ্ণ দিশসমূহ পৰ্যবেক্ষণ কৰে। চৌহদ দুটা পৰিদৰ্শনকালত দলটোৱে 'কিংছ হেল্থ পাৰ্টনাৰ্ছ' আৰু 'গাইজ এণ্ড ছেইণ্ট থ'মাছ ট্ৰাষ্ট'ৰ ফালৰ পৰা 'নেছনেল ডীন ফ'ৰ ইনক্লুছিভ ইণ্টেগ্ৰেটেড কেৰিয়াৰ্ছ' অধ্যাপিকা গীতা মেনন, 'ডাইৰেক্টৰ অব ইডুকেচন এণ্ড ট্ৰেইনিং' ড০ ক্লেইয়াৰ মেল্লিনছন, 'হেড অব মেডিকেল ইডুকেচন প্ৰ'গ্ৰামছ' ড০ ৰ'ব গ'ডফ্ৰে, 'ডেপুটী ডাইৰেক্টৰ অব আণ্ডাৰগ্ৰেজ্যুয়েট ইডুকেচন' ড০ ইয়ুই-ছিক ছুহ, 'ছিমুলেচন মেনেজাৰ এণ্ড টেকনিকেল লীড' ৰিচাৰ্ড গ'ডৱিন, কিংছ কলেজ লণ্ডনৰ 'হেড অব ছিমুলেচন অপাৰেচন' নুমেইৰ শ্বাহপুৰ আৰু 'ইউনাইটেড গ্ৰেজ্যুয়েট ছাৰ্ভিচ মেনেজাৰ' ৰাচ্চেল মিচ্চেলৰ সৈতে আলোচনাতো মিলিত হয়। আলোচনাকালত কিংছ কলেজ লণ্ডনৰ অন্তৰ্গত এই বিশ্বখ্যাত চিকিৎসা শিক্ষানুষ্ঠানখনে চিকিৎসা গৱেষণা, শিক্ষা তথা ক্লিনিকেল প্ৰেক্টিচৰ ক্ষেত্ৰত অতি উচ্চস্তৰৰ গুণমান বৰ্তাই ৰখাৰ বাবে অনুসৰণ কৰি অহা কাৰ্যপদ্ধতি গুৰুত্বপূৰ্ণ দিশসমূহক লৈ উভয় পক্ষৰ মাজত চৰ্চা হয়। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ (এন এইচ এছ) অধীনত  দেশখনৰ ৰাজহুৱা স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষা-গৱেষণা খণ্ডলৈ আগবঢ়াই অহা মহত্বপূৰ্ণ অৰিহণাৰ বিষয়েও 'কিংছ হেল্থ পাৰ্টনাৰ্ছ' আৰু 'গাইজ এণ্ড ছেইণ্ট থ'মাছ ট্ৰাষ্ট'ৰ অধ্যাপক তথা কাৰ্যবাহীকেইগৰাকীয়ে অসমৰ স্বাস্থ্য বিভাগৰ দলটোক জানিবলৈ দিয়ে। মন্ত্ৰী মহন্ত আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াকেইগৰাকীয়ে বিগত কেইবছৰমানত অসমৰ স্বাস্থ্যখণ্ডই লাভ কৰা অগ্ৰগতিৰ বিষয়ে আভাষ দি ৰাজ্যখনত ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থা আৰু চিকিৎসা শিক্ষা-গৱেষণা ক্ষেত্ৰখনৰ আন্তঃগাথঁনি শক্তিশালীকৰণৰ বাবে অসম চৰকাৰে লোৱা মহত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে 'কিংছ হেল্থ পাৰ্টনাৰ্ছ' আৰু 'গাইজ এণ্ড ছেইণ্ট থ'মাছ ট্ৰাষ্ট'ৰ অধ্যাপক তথা কাৰ্যবাহীসকলক সবিশেষ অৱগত কৰে। উল্লেখ্য যে অত্যাধুনিক, সুশৃংখলিত ৰাজহুৱা স্বাস্থ্য সেৱা তথা উচ্চস্তৰৰ গুণগত চিকিৎসা শিক্ষা-গৱেষণাৰ ইংলেণ্ডৰ এন এইচ এছৰ সমগ্ৰ বিশ্বতে সুনাম আছে। একেদৰে কিংছ কলেজ লণ্ডনৰ অধীনৰ 'ইউনাইটেড মেডিকেল এণ্ড ডেণ্টেল স্কুলছ অব গাইজ এণ্ড ছেইণ্ট থ'মাছ হস্পিটেল'-এ ২০২৩ বৰ্ষত 'টাইমছ হায়াৰ ইডুকেচন'ৰ তালিকাত 'ক্লিনিকেল মেডিচিন'ৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰথম ১০খন চিকিৎসা শিক্ষানুষ্ঠানৰ এখন হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment