আগন্তুক দুৰ্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক



গুৱাহাটী,৩ ছেপ্টেম্বৰ : আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত আজি মহানগৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দুৰ্গাপূজা সমিতিৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত  পাৰিজাত ভূঁঞাৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত বৈঠকত পূজা চলি থকা তথা দেৱী বিসৰ্জনৰ সময়ত  সমিতিসমূহে পালন কৰিবলগীয়া নীতি-নিদেৰ্শনা সন্দৰ্ভত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয় । দুৰ্গোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত অনুমতি তথা উদযাপনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনাসমূহ সঠিক ৰূপত পালন কৰি পূজাৰ কেউদিনৰ কাৰ্যসূচী শান্তি-শৃংখলা বজাই ৰাখি নিয়াৰিকৈ উদযাপন কৰিবলৈ জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে সকলো পক্ষকে আহ্বান জনায়। তদুপৰি প্ৰতিমা নিৰ্মাণত যাতে পৰিৱেশ অনুকুল সামগ্ৰীৰ ব্যৱহাৰ কৰা হয়, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায় । আনহাতে, নতুনকৈ নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ বাবে কেতবোৰ পথ "ওৱান ৱে" কৰি থোৱা হৈছে । পূজাৰ দিনকেইটাত সেই পথসমূহেৰে জনসাধাৰণে কোনো অসুবিধাৰ সন্মুখীন নোহাৱাকৈ বৰঞ্চ পথ-সুৰক্ষা বজাই ৰাখি কেনেকৈ যাতায়ত কৰিব পাৰিব সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত অৱগত কৰা হ'ব বুলি উল্লেখ কৰে । যুটীয়া আৰক্ষী আয়ুক্ত প্ৰতীক থুবে জনসমাগম নিয়ন্ত্ৰণ আৰু আলোকসজ্জাৰ সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। বৈঠকত উপস্থিত থকা মহানগৰ আৰক্ষী (পশ্চিম)ৰ উপ-আয়ুক্ত পদ্মনাভ বৰুৱাই প্ৰতিখন পূজাথলীত ২৪ ঘন্টাই স্বেচ্ছাসেৱক নিযুক্ত কৰা, প্ৰতিখন পূজা মণ্ডপত চি চি কেমেৰাৰ ব্যৱস্থা কৰা, পূজাথলীত প্ৰৱেশ আৰু প্ৰস্থানৰ নিৰ্দেশনাৱলী মানি চলা,  আলোকসজ্জাৰে তৈয়াৰী প্ৰৱেশপথসমূহ জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ উপযুক্ত স্থানত লগোৱা , বিসৰ্জনৰ শোভাযাত্ৰাৰ সময়ত উপযুক্ত গাড়ীৰ ব্যৱহাৰ কৰা, অনুজ্ঞাপত্ৰ থকা চালকক গাড়ী চলোৱাৰ অনুমতি প্ৰদান কৰা, প্ৰতিমা বিসৰ্জনৰ সময়ত মিউজিক চিষ্টেমত ধৰ্মমূলক সংগীতৰ ব্যৱস্থা কৰা ,পদপথৰ দোকানসমূহৰ সম্পূৰ্ণ পৰিচয় জনা , ভি ভি আই পিৰ বাবে বেৰিকেডৰ ব্যৱস্থা কৰা আদি বিষয়ত গুৰুত্ব আৰোপ কৰে। বৈঠকত মহানগৰ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ উপ-আয়ুক্ত হৰেকৃষ্ণ  দাসে প্ৰতিখন পূজাথলীত হেল্প ডেস্কৰ ব্যৱস্থা কৰিবলৈ সমিতি সমূহক আহ্বান জনায়। বৈঠকত পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া  তথা কামৰূপ মহানগৰ জিলাৰ অতিৰক্ত  দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত যান-বাহন চালনাৰ নীতি -নিদেৰ্শনা পালন কৰি দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে পৰিবহণ বিভাগে প্ৰস্তুত কৰা জনসজাগতামূলক ভিডিঅ' প্ৰদৰ্শন কৰা হয় ।সকলো পূজা সমিতিক পূজাথলীত এই জনসজাগতামূলক ভিডিঅ'টো প্ৰদৰ্শন কৰিবলৈ জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে আহ্বান জনায়। ইফালে আগন্তুক শাৰদীয়  দুৰ্গোৎসৱৰ সময়ত পূজামণ্ডপসমূহত বেনাৰ ,দৃশ্য-শ্ৰব্যৰ মাধ্যমেৰে পথ -সুৰক্ষাৰ বাণী প্ৰচাৰৰ জৰিয়তে পূজাৰ সময়চোৱাত কোনো পথ দূৰ্ঘটনাই যাতে ম্লান কৰিব নোৱাৰে তাৰ বাবে পূজা কমিটিসমূহক বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে আহ্বান জনায় । পূজা উদযাপন তথা দেৱী বিসৰ্জন প্ৰক্ৰিয়া যাতে শৃংখলাবদ্ধৰূপত, শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ বাবে জিলা প্ৰশাসনে সকলো পক্ষৰে সহায় -সহযোগিতা কামনা কৰে। বৈঠকত অতিৰিক্ত আৰক্ষী উপ-আয়ুক্ত (যানবাহন) মৃন্ময় গোস্বামী, গুৱাহাটী পৌৰ  নিগমৰ  যুটীয়া আয়ুক্ত  মৃণাল  বৰা, মহকুমা দণ্ডাধীশ কংকন শৰ্মাকে ধৰি বিভিন্ন  বিভাগৰ বিষয়া-কৰ্মচাৰীসকল  উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment