জনজাতিকৰণৰ দাবীত লখিমপুৰত চুতীয়া জাতি ছাত্ৰ সন্থাৰ ধৰ্ণা


লখিমপুৰ,৩০ ছেপ্টেম্বৰ : অসমৰ ভূমিপুত্ৰ চুতীয়া সকলক জনজাতিকৰণৰ মৰ্যাদা আৰু স্বায়ত্ব শাসন বিজেপি চৰকাৰে শীঘ্ৰে প্ৰদান নকৰিলে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক চুতীয়া জাতিকে ধৰি অসমৰ ছয় জনগোষ্ঠীয়ে নিৰ্বাচনী বৈতৰণী পাৰ হ'ব নিদিয়ে। আজি লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি এই হুংকাৰ দিয়ে সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাই। সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত লখিমপুৰ জিলা চুতীয়া জাতি ছাত্ৰ সন্থাৰ সহযোগত ৰূপায়ন কৰা এই ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই কয় যে ৰাজ্যৰ চুতীয়া জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীযে জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে এই প্ৰসংগত কোনো গুৰুত্ব দিয়া নাই। এয়া জনগোষ্ঠী সমূহৰ বাবে দুৰ্ভাগ্যজনকেই নহয়, বিজেপি চৰকাৰৰ প্ৰতাৰণৰ চূড়ান্ত নিদৰ্শন। ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত শাসনৰ বাঘজৰী ললে বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ছয় মাহৰ ভিতৰত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰি প্ৰতাৰণা কৰিলে ছয় জনগোষ্ঠীক। জনজাতি কৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেন্দ্ৰক যিদৰে হেঁচা দিব লাগিছিল সেইদৰে হেঁচা নিদিয়াত  চৰকাৰৰ এই ক্ষেত্ৰত যে সদিচ্ছাৰ অভাৱ সেয়া ওলাই পৰিছে। এগৰাকী দক্ষ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত দায় সৰা মন্তব্য কৰাত চুতীয়া জাতি ছাত্ৰ সন্থাই ইয়াৰ তীব্ৰ গৰিহণা দিয়ে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সন্থাই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment