বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োলৈ ৰাষ্ট্ৰীয় বঁটা
হাওৰাঘাট,৩০ ছেপ্টেম্বৰ : বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমিৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়ক তৰেণ বড়োই সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছে ৰাষ্ট্ৰীয় বঁটাৰ বাবে। এই ৰাষ্ট্ৰীয় বঁটা ২ দুই অক্টোবৰত নতুন দিল্লীত গান্ধী জয়ন্তীৰ দিনা প্ৰদান কৰা হ'ব। ১৯৫৫ চনৰ ১ নৱেম্বৰত গোৱালপাৰাত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমান গুৱাহাটীত থকা তৰেণ বড়োই ১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ (পিজি) উত্তীৰ্ণ হৈ গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁ ১৯৮৪-১৯৯০ চনত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হয়। ইয়াৰ পিছতে তেওঁ বড়ো সাহিত্য সভাৰ মুখপত্ৰ 'The Bodo'ৰ সম্পাদক, যুটীয়া সম্পাদক, কোষাধক্ষ,বউপ সভাপতি আৰু বড়ো সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। ২০০৫ চনত সদৌ ভাৰত ৰিজাৰ্ভ বেংক কৰ্মচাৰী সন্থাৰ গুৱাহাটী শাখাৰ সম্পাদক, ২০১৩ চনত বোলছবিৰ এডভাইজৰী ব'ৰ্ডৰ সদস্য, ২০১৫ চনত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি, নাগৰিক কমিটীৰ সদস্য, ২০২৩ চনত নতুন দিল্লীৰ সাহিত্য অকাডেমিৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়ক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য বিশিষ্ট লেখক সাহিত্যিক তৰেণ বড়োই নাটক, চুটি গল্প, উপন্যাস, কবিতা আদি বৰ্তমানলৈকে ১৪ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছে। তেওঁক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বহুকেইটা বঁটা প্ৰদান কৰিছে। সেইবোৰৰ ভিতৰত হৈছে ক্ৰমে জননেতা ভীভবৰ দেউৰী একতা বঁটা, মহম্মদ ইব্ৰাহিম আলী সাহিত্য বঁটা, অসম খেল আৰু সাংস্কৃতিক বঁটা,আহমদ আলী বাসখণ্ড সাহিত্য বঁটা, শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা আদি। অহা ২ অক্টোবৰত নতুন দিল্লীত গান্ধী জয়ন্তীৰ দিনা সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে নিৰ্বাচিত কৰি তেওঁক নতুন দিল্লীৰ প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব। য'ত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীদ্বয় কিৰেণ ৰিজিজু আৰু হৰদ্বীপ পুৰী আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মহন যাদৱ।

0 Comments:
Post a Comment