কুখ্যাত দুলাল বৰাক দিল্লীৰ পৰা গুৱাহাটীলৈ আনি ডিব্ৰুগড়লৈ প্ৰেৰণ
গুৱাহাটী,২৬ ছেপ্টেম্বৰ : চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা ব্লেকমেইলাৰ দুলাল বৰাক যোৱানিশা আৰক্ষীয়ে গুৱাহাটীলৈ আনি ডিব্ৰুগড়লৈ লৈ যায়। অসুস্থতাৰ নাটক কৰি দিল্লীৰ হাস্পতালত আত্মগোপন কৰি থকা দুলাল বৰাক অসম আৰক্ষীৰ বাৰ্তাৰ ভিত্তিত দিল্লী আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছিল। আৰ টি আই আৰু নিউজ প'ৰ্টেলৰ জৰিয়তে ব্লেকমেইলিং, ধন দাবীৰে সন্ত্ৰাস চলোৱা দুলাল বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি প্রদর্শন কৰাৰ পিচতহে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ বাবে তৎপৰ হয় অসম আৰক্ষী। অৱশ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুলাল বৰাক বুধবাৰে অসম আৰক্ষীয়ে ট্রেনজিট জিম্মাত ল'ব নোৱাৰিলে। দিল্লীৰ টিছ হাজাৰি আদালতত হাজিৰ কৰোৱা দুলাল বৰাক নিশাটো তিহাৰ জে'লত ৰখা হয়। বৃহস্পতিবাৰে দিল্লীৰ আদালতত আনুষ্ঠানিকতা সম্পন্ন কৰি অভিযুক্ত দুলাল বৰাক ট্ৰেনজিট জিম্মাত লৈ অসম আৰক্ষীৰ দলটোৱে বিমানযোগে যোৱানিশা গুৱাহাটীলৈ আনে। গুৱাহাটীত উপস্থিত হোৱা আৰক্ষীৰ দলটোৱে দুলাল বৰাক নিশাৰ ভাগতে চৰাইদেউলৈ লৈ যায়। বৰঝাৰ বিমান বন্দৰত আৰক্ষী বেষ্টনীত মুখত মাস্ক লগাই অহা দুলাল বৰাই অৱশ্যে সাংবাদিকৰ আগত কোনো মন্তব্য নকৰিলে। দেৱজিৎ হাজৰিকাই ছুইচাইড নোটত লিখি থৈ যোৱা চাৰি অভিযুক্তৰ দুজনক ইতিপূৰ্বে চৰাইদেউ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। এই ঘটনাৰ অন্যতম অভিযুক্ত দুলাল বৰা আৰু স্থানীয় সাংবাদিক ৰফিক আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাক লৈ চৰাইদেউ বিজেপিৰ নেতা-কর্মীয়ে দলত্যাগৰ ভাবুকি দিছিল। ইয়াৰ পিচতে মুখ্যমন্ত্ৰীয়ে দুলাল বৰা সন্দৰ্ভত কঠোৰ স্থিতি জাহিৰ কৰে। অৱশ্যে এই গোচৰত অন্তৱৰ্তী জামিন বিচৰা দুলাল বৰাৰ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে। গোচৰটোৰ আন এজন অভিযুক্ত ৰফিক আহমেদক উচ্চ ন্যায়ালয়ে অন্তৱৰ্তী জামিন প্রদান কৰিছে। ৰফিক আহমেদে জামিন পোৱাক লৈ সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে দেৱজিৎ হাজৰিকাই আত্মহত্যা কৰা ঘটনাৰ অভিযুক্ত দুলাল বৰাৰ বিৰুদ্ধে আছে ৩১ টাকৈ গোচৰ। পূৰ্বৰ সোনোৱাল চৰকাৰৰ কাৰ্যকালত এইগৰাকী দুলাল বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কেইবামাহ কাৰাগাৰত ৰাখিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত দুলাল বৰাই আৰ টি আই আৰু নিউজ প'ৰ্টেলৰ জৰিয়তে পুনৰ ব্লেকমেইলিং, ধন দাবীৰে সন্ত্ৰাস আৰম্ভ কৰে।

0 Comments:
Post a Comment