ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিৰ চি বি আই তদন্তৰ দাবী মনোজ ধানোৱাৰৰ
গুৱাহাটী,২৮ ছেপ্টেম্বৰ : "জনতা ভৱনৰ পৰাই চলিছে দুৰ্নীতিৰ বেহা। মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মহনৰ কাৰ্যালয় জড়িত হৈ আছে ২৫০ কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰস্তুতৰ বিশাল কেলেংকাৰিত। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰহস্যজনক ভাবে বৰ্তমানলৈকে মন্ত্ৰী দুগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।" - এই অভিযোগ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ। ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ইতিমধ্যে প্ৰদেশ বিজেপিৰ অনুসূচীত জাতি কোষৰ এগৰাকী শীৰ্ষস্থানীয় নেতা অসীম কুমাৰ দাস, বিৰিঞ্চি বৰকটকী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সচিব মন্মথ দাস আৰু পিয়ন প্ৰফুল্ল ডেকাক গ্ৰেপ্তাৰ কৰিছে। আমাৰ প্ৰশ্ন যে দুৰ্নীতিৰ সৈতে জড়িত বিজেপিৰ নেতা আৰু জনতা ভৱনত মন্ত্ৰীৰ নিৰ্দেশত কাম কৰা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি মন্ত্ৰী যোগেন মহনক ৰেহাই দিয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে? যিহেতু মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই সংঘটিত হৈছে বৃহৎ দুৰ্নীতি, ইয়াত মন্ত্ৰী গৰাকী জড়িত নথকাৰ কোনো যুক্তি নাই। আমি আম আদমী পাৰ্টিয়ে মন্ত্ৰী যোগেন মহনকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছোঁ। আনহাতে কেলেংকাৰি মাষ্টাৰ মাইণ্ড অসীম দাসে যিহেতু মন্ত্ৰী সঞ্জয় কিষানৰ বাসভৱন আৰু কনফাৰেঞ্চ হল ব্যৱহাৰ কৰি এই বিশাল কেলেংকাৰি সংঘটিত কৰিছে, ইয়াত মন্ত্ৰী সঞ্জয় কিষাণ ধোৱা তুলসীৰ পাত হৈ থাকিব নোৱাৰে। চৰকাৰৰ বৰঘৰত চলি থকা নিকৃষ্ট কৰ্ম কাণ্ড ৰোধ কৰিবলৈ মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছোঁ।" আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ অভিযোগ, "ৰাজ্যত সংঘটিত এটাৰ পাছত আনটো বিয়াগোম দুৰ্নীতি তথা শাসক দলৰ মন্ত্ৰী বিধায়কৰ ভ্ৰষ্টাচাৰৰ বাবেই আজি উন্নয়ন স্থবিৰ হৈ পৰিছে। এনে অৱস্থাত ৰাজ্যবাসীৰ স্বাৰ্থত শেহতীয়া ভাৱে জনতা ভবনৰ পৰা সংঘটিত হোৱা ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিৰ চিবিআইৰ তদন্তৰ দাবী কৰিছোঁ। কাৰণ এই কেলেংকাৰিত জড়িত হৈ আছে শীৰ্ষস্থানীয় বিজেপি নেতা, জনতা ভৱনৰ বিষয়া- কৰ্মচাৰী, সাঙোৰ খাইছে দুগৰাকীকৈ মন্ত্ৰীৰ নাম, গ্ৰেপ্তাৰ হৈছে মন্ত্ৰীৰ সহায়ক। আনহাতে যি সময়ত অবিজেপি শাসিত ৰাজ্যসমূহত কেন্দ্ৰীয় চৰকাৰে হকে- বিহকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই অথবা ইডিক ব্যৱহাৰ কৰে, এতিয়া অসমত সংঘটিত এই বিয়াগোম কেলেংকাৰিৰ তদন্ত চিবিআইক গতাই দিয়ক। কাৰণ এই অনিয়মৰ সৈতে দুগৰাকীকৈ মন্ত্ৰীৰ কাৰ্যালয় তথা বহিঃৰাজ্যৰ প্ৰতিষ্ঠান জড়িত হৈ আছে।"

0 Comments:
Post a Comment