লখিমপুৰ,৪ চেপ্তেম্বৰ : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত আজি কেবিনেট বৈঠকৰ পূৰ্বে জিলাখনৰ নিৰ্মীয়মান অৱস্থাত থকা চাৰিটাকৈ প্ৰকল্পৰ কাম পৰিদৰ্শন কৰাৰ লগতে চহৰখনৰ নিকটৱৰ্তী জাপিসজীয়াত পেলনীয়া জাৱৰৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰাৰ বাবে স্থাপন কৰা ৫.৭৫ কোটি টকা ব্যয়ৰে নিৰ্মিত এম আৰ এফ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে জাপিসজীয়াত স্থাপন কৰা এই প্ৰকল্পটো হৈছে অসমৰ প্ৰথমটো আৱৰ্জনাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰা প্ৰকল্প। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে দিনৰ ১১ বজাত জাপিসজীয়াত উপস্থিত হৈ এই প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ পাচতেই পৰিদৰ্শন কৰিলে লখিমপুৰৰ বাইপাছত নিৰ্মীয়মান অৱস্থাত থকা আন্তঃ ৰাজ্যিক বাছ আস্থান (আই এচ বি টি), লীলাবাৰীৰ চানমাৰিত নিৰ্মীয়মান অৱস্থাত থকা ষ্টেডিয়াম, সোৱণশিৰি নদীৰ ওপৰত অসম মালা আঁচনিৰ অধিনত ২.৪ কিঃ মিঃ দৈৰ্ঘ্যৰ ৩৮০ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মীয়মান অৱস্থাত থকা ঘুনাসূঁতি দলং আৰু নকাড়ীত ৬২.৫২ কোটি টকা ব্যয় সাপেক্ষ ১ কিঃ মিঃ দৈৰ্ঘৰ উৰণীয়া সেতুৰ কাম পৰিদৰ্শন কৰি ক্ষীপ্ৰতাৰে কামত অগ্ৰসৰ হ’বলৈ নিৰ্মাণকাৰী সংস্থাসমূহক আহ্বান জনায় ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নকাড়ী উৰণীয়া সেতুৰ কাম পৰিদৰ্শন কৰি অহা ১টা মাহৰ ভিতৰত উৰণীয়া হেতুৰ নিৰ্মাণৰ কাম-কাজ অগ্ৰগতি লাভ কৰিব বুলি কয় । ইফালে মুখ্যমন্ত্ৰী গৰাকীয়ে লখিমপুৰ ঘুনাসূতি সংযোগী দলংখন ২০২৬ চনৰ পূৰ্বে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে৷ তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰলৈ অহা মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ বিভিন্ন আঁচনিৰ কাম পৰিদৰ্শন কৰে। তেওঁ সন্ধিয়া লেটেকুপুখুৰীৰ মাধৱদেৱৰ জন্মস্থান, মাধৱদেৱ কলাক্ষেত্ৰ, বালিকুচি সত্ৰ পৰিদৰ্শন কৰাৰ অন্তত আজি পুৱা ১১ বজাত জাপিসজীয়াত এম আৰ এফ প্ৰকল্পটো শুভ উদ্বোধন কৰে৷ কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে চাৰিটাকৈ কাৰ্যসূচীত ভাগ লৈ সাংবাদিকৰ সন্মুখত মন্তব্য কৰি কয় - "ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত আমাৰ সমৰ্থন আছে৷ বিজেপি চৰকাৰে জনজাতিকৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে৷ কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এইক্ষেত্ৰত কিছু কেৰোন লগাই থৈ গৈছে৷ সেয়ে প্ৰয়োজন হ’লে নতুন বিধেয়ক আনিব বিধান সভাত।" ইপিনে অনলাইন ট্ৰেডিং সন্দৰ্ভতো মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয় যে এতিয়ালৈকে ৩৮ জন ব্যক্তিক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে৷ অসমৰ ৰাইজক নিজৰ কষ্টৰ ধন অযথা ট্ৰেডিঙত ব্যয় নকৰিবলৈ আহ্বান জনাই টিৰ, লটাৰী আদি অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল’ব বুলি কৈ "মাছ"ৰ প্ৰসংগটো মন্তব্য কৰে৷ তেওঁ কয় যে ইউৰিয়া দিয়া নগাঁৱৰ মাছ খোৱাতকৈ উজনিৰ ৰাইজে থলুৱাভাৱে উৎপাদিত মাছৰ ওপৰত গুৰুত্ব দিয়ক৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে বিয়লি ৫ বজাৰ পৰা লখিমপুৰ নগৰৰ চুকুলিভৰীয়াস্থিত কনভেনচন চেণ্টাৰত কেবিনেট বৈঠকত অংশ গ্ৰহণ কৰে।


0 Comments:
Post a Comment