লখিমপুৰ,৫ ছেপ্টেম্বৰ : আৰ টি চি কিমিনত ৪৪ সপ্তাহৰ কঠোৰ প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰাৰ পিছত আই টি বি পিৰ দেশৰ বিভিন্ন ১০৫৯ জন নতুন নিযুক্তিপ্রাপ্ত প্ৰশিক্ষিত জোৱানে আজি দেশৰ মূল সুঁতিত চামিল হ'ল। এই উপলক্ষে আই টি বি পিৰ নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰৰ এখন সুসজ্জিত খেলপথাৰত এক দর্শনীয় আনুষ্ঠানিক পেৰেডৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত আই টি বি পিৰ ইষ্টার্ণ কমাণ্ডৰ আইপিএছ, এডিজি হৰপ্ৰীত সিং সিন্ধুৱে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি নতুন প্ৰশিক্ষিত জোৱান সকলৰ মাৰ্চ পাচৰ অভিবাদন গ্ৰহণ কৰে। আই টি বি আৰক্ষীৰ আৰ টি চি কিমিনৰ ডি আই জি পৱন কুমাৰ নেগীয়ে মুখ্য অতিথি ,আৰু , সকলো গণ্যমান্য ব্যক্তি আৰু নিযুক্তিপ্রাপ্ত সকলৰ পৰিয়ালৰ সদস্যক আদৰণি জনায়। যিয়ে বৃহৎ সংখ্যক উপস্থিতিৰে অনুষ্ঠানটো শোভা বঢ়ায়। ইয়াৰ উপৰিও তেওঁ প্রতিষ্ঠানটোৱে পৰিচালনা কৰা কাৰ্য্যকলাপৰ বিষয়ে চমুকৈ অৱগত কৰে। ৪৪ সপ্তাহৰ মৌলিক প্ৰশিক্ষণৰ সময়ছোৱাত এই প্ৰশিক্ষাৰ্থীসকলৰ শাৰীৰিক, মানসিক আৰু আৱেগিক শক্তিশালীতাৰ ওপৰত মূল গুৰুত্ব দিয়া হৈছিল। প্ৰশিক্ষণৰ হেঁচা সহ্য কৰাই নহয় যুদ্ধৰ প্ৰশিক্ষণৰ বিভিন্ন ক্ষেত্ৰতো তেওঁলোকে অত্যন্ত ভাল প্ৰদৰ্শন কৰিছিল বুলি কয় । অনুষ্ঠানত মুখ্য অতিথি গৰাকীয়ে নতুন প্রশিক্ষাৰ্থীসকলৰ দ্বাৰা কৰা আচৰিত আৰু স্পন্দনশীল পাছিং আউট পেৰেডৰ শলাগ লয় আৰু দেশৰ শক্তি আৰু গৌৰৱ অক্ষত অৱস্থাত ৰাখিবলৈ নতুন প্ৰশিক্ষিত জোৱান সকলৰ প্ৰতি আহ্বান জনায়। তদুপৰি তেওঁ এই নতুন যুঁজাৰুসকলক জাতিটোৰ সেৱা কৰিবলৈ আহ্বান জনায়। এই উপলক্ষে মুখ্য অতিথিয়ে প্ৰশিক্ষণত সামগ্রিক ভাবে শ্রেষ্ঠ ট্রফী টি চিটি (জিডি) আশীষ কুমাৰক , অস্ত্ৰ প্ৰশিক্ষণৰ শ্ৰেষ্ঠ ট্ৰফী চিটি (জিডি) মোহিত চিং চৌহানক , অগ্নি ট্রফীত শ্রেষ্ঠ, চিটি (জিডি) শ্রেষ্ঠ ড্রিল ট্রফী (জি ডি আদর্শ তিৱাৰীলৈ আৰু বেষ্ট ইন এণ্ডুৰেন্স ট্ৰফী ল চি টি (জি ডি মনীষ বৰালৈ আগবঢ়ায় ।
আজি নতুন প্ৰশিক্ষিত আই টি বি পিৰ জোৱান সকলে পেৰেডৰ পিছত দর্শনীয় পাইপ বেণ্ড প্ৰদৰ্শন আৰু প্ৰশিক্ষার্থীয়ে পৰিৱেশন কৰা পল মালখাম্ব, ৰেপ্লিকা, আৰু এৰোবিক্সৰ দৰে অন্যান্য প্ৰদৰ্শন কৰা হয় যিয়ে নিযুক্তি প্রশিক্ষণ কেন্দ্র কিমিন আইটিবি আৰক্ষী বাহিনীয়ে প্ৰদান কৰা প্ৰশিক্ষণৰ মানদণ্ড প্ৰদৰ্শন কৰে। এই উপলক্ষে ভাৰত-তিব্বতী সীমান্ত আৰক্ষী বাহিনীৰ বিভিন্ন পৰ্যায়ৰ বিষয়া, আদি উপস্থিত থাকে । অনুষ্ঠানৰ সামৰণিত আই টি বি পিৰ . ৰাকেশ কুমাৰ, ছেকেণ্ড ইন কামাণ্ড ৰাকেশ কুমাৰে আজিৰ অনুষ্ঠানৰ শোভা বঢ়াই দিয়াৰ বাবে মুখ্য অতিথি, আৰু পৰিয়ালৰ অন্যান্য গণ্যমান্য সদস্যসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ।


0 Comments:
Post a Comment