ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ 'গুৰু প্ৰণাম’ কাৰ্যসূচী



গুৱাহাটী,৫ ছেপ্টেম্বৰঃ গুৰু প্ৰণাম কাৰ্যসূচী আজি সফলভাৱে পালন কৰে অসম প্ৰদেশ কংগ্ৰেছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ নেতা কৰ্মীসকলে শিক্ষাগুৰুৰ চৰণত সেৱা জনাই অনাগত দিনসমূহ সুখ আৰু শান্তিময় হ’বৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি বিহপুৰীয়াত তিনিগৰাকী শিক্ষাগুৰু ক্ৰমে উমেশ শাস্ত্ৰী, বদন বৰা আৰু থানেশ্বৰ কলিতাৰ ঘৰলৈ গৈ শিক্ষা জীৱনত তেওঁলোকে আগবঢ়োৱা অৱদানৰ বিষয়ে স্মৰণ কৰে আৰু শ্ৰদ্ধা নিবেদন কৰে। সাংসদ ৰকিবুল হুছেইনে মন্দিয়াত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনায়। ইফালে, ৰাজীৱ ভৱনত আজি অসম প্ৰদেশ কংগ্ৰেছৰ শিক্ষাগোটৰ তৰফৰ পৰা উলহ-মালহেৰে শিক্ষক দিৱস পালন কৰা হয়। শিক্ষাগোটৰ অধ্যক্ষ বিশ্বজিৎ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখন মুকলি কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ গুণ-গৰিমা ব্যাখ্যা কৰি কয় যে তেখেত ভাৰতীয় সংসদীয় ব্যৱস্থাৰ ত্যাগৰ প্ৰতীক আছিল। ৰাজ্যসভাৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি তেখেতে সদনত হোৱা ভুলবোৰ আঙুলিয়াই দিছিল। আনকি সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱহাৰলাল নেহৰুকো সমালোচনা কৰিবলৈ এৰি দিয়া নাছিল। এইজন দাৰ্শনিক পণ্ডিতক আজি স্মৰণ কৰিবলৈ পোৱাতো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলিও ভাষণত উল্লেখ কৰে। দীৰ্ঘদিন ধৰি শিক্ষা সেৱা আগবঢ়াই অসমৰ জাতীয় জীৱনক সজীৱ কৰি ৰখা ৬ গৰাকী শিক্ষক ক্ৰমে বৰভাগ কলেজৰ প্ৰাক্তন অধ্যক্ষ ফনীধৰ ডেকা, গোৱালপাৰা আইন মহাবিদ্যালয়ৰ আনোৱাৰ হুছেইন, বৰহাট নিউ হাইস্কুল, চৰাইদেউৰ বীৰেণ বড়া, ড° ভীমৰাও আম্বেদকাৰ হাইস্কুল, বৰকলাৰ টংকেশ্বৰ দাস আৰু লাইলুৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক খনীন্দ্ৰ কুমাৰ গোস্বামীক ফুলৰ থোপা আৰু গামোচাৰে সন্মান প্ৰদৰ্শন কৰা হয়। ৰাজীৱ ভৱনৰ শিক্ষক দিৱসৰ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা বিপুল গগৈ, বালিকা পেগু, ৰূপা দেৱীকে ধৰি কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে। ইফালে ড০ উদয়াদিত্য ভৰালী, অপূৰ্ব বৰুৱা, মনোৰমা শৰ্মা, ড০ দয়ানন্দ পাঠক, ড০ দীনেশ বৈশ্যক পৃথকে পৃথকে কংগ্ৰেছ নেতা-কৰ্মীসকলে ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।  ইফালে, কংগ্ৰেছ নেতা মেহদী আলম বৰা, ঋতুপৰ্ণ কোঁৱৰ, সম্বিত শৰ্মা, ইমদাদ হুছেইন, ছফি জামাল হুছেইনে পৃথকে পৃথকে আজি শিক্ষাগুৰুসকলক গুৱাহাটীত সম্বৰ্ধনা জ্ঞাপন কৰে। একেদৰে শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে হাতত লোৱা 'গুৰু প্ৰণাম' কাৰ্যসূচীৰ অংশ হিচাপে আজি ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অখিল ৰঞ্জন দত্ত, নৃতত্ত্ব বিভাগৰ অধ্যাপক ডঃ দ্বীপেন বেজবৰুৱা, ভূতাত্ত্বিক বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ শৰৎ ফুকন, ইতিহাস বিভাগৰ অধ্যাপক ডঃ ৰাজীৱ সন্দিকৈ, আৰৱী বিভাগৰ অধ্যাপক ডঃ আবুল কালাম চৌধুৰী, ইংৰাজী বিভাগৰ অধ্যাপিকা ডঃ আশা কোঠাৰী চৌধুৰী, ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিকে ধৰি কেইবাগৰাকী সন্মানীয় শিক্ষাগুৰুক প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰফুল্ল কুমাৰ দাসৰ নেতৃত্বত মুখপাত্ৰ ৰাকেশ চক্ৰৱৰ্তী আৰু মহছিন খানে গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment