বি পি এফৰ ছাত্ৰ নেতাৰ আম আদমী পাৰ্টীত যোগদান


গুৱাহাটী,১০ ছেপ্টেম্বৰ : ৰাজ্যজুৰি আম আদমী পাৰ্টিৰ সদস্য ভৰ্তি অভিযান অব্যাহত আছে। ইয়াৰ মাজতে আজি আপৰ ৰাজ্যিক কাৰ্যালয়ত দলটোত যোগদান কৰে বিপিএফৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিব্যজ্যোতি ভূঞাই। দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী আৰু অন্যান্য নেতৃবৃন্দৰ উপস্থিতিত বিটিআৰৰ যুৱ নেতাগৰাকীয়ে আপত যোগদান কৰে। সমাজৰ উন্নয়নৰ স্বাৰ্থত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আপোচবিহীন নীতি আৰু ৰাজনৈতিক আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আপত যোগদান কৰে দিব্যজ্যোতি ভূঞাই। আনহাতে একেটা অনুষ্ঠানতে বিজেপি ত্যাগ কৰি আপত যোগ দিয়ে কামৰূপ মহানগৰ জিলাৰ জয়ন্ত শইকীয়া, ৰাজু সিনহা, জুমন দাস আৰু আমিনুল ইছলামে। নৱাগত আটাইকেইগৰাকী সদস্যকে দললৈ আদৰণি জনায় আপৰ জ্যেষ্ঠ নেতা প্ৰবীন শৰ্মা আৰু ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য অনুৰূপা ডেকাৰজাই । অনাগত দিনত ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থত আপৰ হকে নিঃস্বাৰ্থভাৱে কাম কৰিবলৈ তেওঁলোকে সংকল্প গ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment