গুৱাহাটী,১১ ছেপ্টেম্বৰ : গুৱাহাটীৰ ফটাশিল আমবাৰীত এছ টি এফৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ, এখন চাৰিচকীয়া বাহনসহ তিনিগৰাকী লোকক আটক কৰা হৈছে। গুৱাহাটী মহানগৰীত ড্ৰাগছ, নকল সোণ আৰু জালনোটৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে এছ টি এফে। এই অভিযান অব্যাহত থকাৰ সময়তে এক গোপন খবৰৰ ভিত্তিত এছ টি এফৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত এটি দলে মঙলবাৰে গুৱাহাটীৰ ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভৰলু নদীৰ পশ্চিম পাৰৰ মিলন নগৰৰ ওচৰৰ দাতালপাৰা নতুন বস্তি পথত অভিযান চলাই ২০৪.৫ গ্ৰাম ওজনৰ ১৫৩টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, এখন হুণ্ডাই ইয়ন বাহন, নগদ ২৭০০ টকা, ৪ টা মোবাইল ফোন, মহিলাসহ তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰী তিনিটা ক্ৰমে কাছাৰ জিলাৰ কচুদৰামৰ শ্বাহিদুৰ ৰহমান ওৰফে কোটাই (৪০), কামৰূপ জিলাৰ শুৱালকুছি নদী আৰক্ষীৰ অন্তৰ্গত ভোগদিয়া নোৱাপাৰাৰ আজিজুৰ ৰহমান (৩৪) আৰু মহিলাগৰাকী হ’ল হাইলাকান্দি জিলা আলগাপুৰৰ চাজিদা বেগম (৩৩)। জব্দকৃত হুণ্ডাই ইয়ন বাহনখনৰ নম্বৰ হ’ল এ এছ ০১ বি কিউ ১৮০৩। ঘটনা সন্দৰ্ভত এছ টি এফৰ তদন্ত অব্যাহত আছে।
এছ টি এফৰ অভিযানত ফটাশিল আমবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

0 Comments:
Post a Comment