অসম আৰক্ষী দিৱসত আত্মবলিদান দিয়া অসম আৰক্ষীৰ বীৰ-শ্বহীদ সকলক স্মৰণ




গুৱাহাটী,১ অক্টোবৰঃ অসম আৰক্ষীৰ বীৰ-শ্বহীদ সকলক স্মৰণ কৰি মঙলবাৰে ৰাজ্যজুৰি 'অসম আৰক্ষী দিৱস' উদযাপন কৰা হয়। গুৱাহাটীৰ কাহিলিপাৰাস্থ চতুৰ্থ অসম আৰক্ষীৰ বাহিনীৰ মুখ্য কাৰ্যালয়ত প্ৰতিকূল বতৰক নেওচি উলহ-মালহেৰে অসম আৰক্ষী দিৱস পালন কৰা হয়। চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ খেলপথাৰত আয়োজন কৰা অসম আৰক্ষী দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰদাস আচাৰ্য্যই। অনুষ্ঠানত ৰাজ্যপালগৰাকীক অসম আৰক্ষীৰ তৰফৰ পৰা অভিবাদন জ্ঞাপন কৰা হয়। আনহাতে অনুষ্ঠানত অসম আৰক্ষীৰ আকৰ্ষনীয় কুচ-কাবাজ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ কৰি অসম আৰক্ষীৰ গৌৰৱোজ্বল ইতিহাসৰ বিষয়ে সদৰি কৰে। অনুষ্ঠানত অসম আৰক্ষীৰ বিষয়া-জোৱান সকলক কৰ্ত্তব্য নিষ্ঠাৰ শপত বাক্য পাঠ কৰোৱা হয়। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাকে ধৰি আৰক্ষী আৰু প্ৰশাসনৰ ভালেসংখ্যক উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment