নিউজ ডেক্স,২ অক্টোবৰ : "মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ, অতুলনীয় কৰ্মৰাজি আৰু বৰ্ণাঢ্য জীৱনগাথাই প্ৰতিজন ভাৰতীয়ৰ লগতে বিশ্ববাসীক অনুপ্ৰাণিত কৰি আহিছে।" - এই মন্তব্য কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ। গান্ধী জয়ন্তী উপলক্ষে আজি নামৰূপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গান্ধীৰ প্ৰতিমূৰ্তিত গভীৰ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰি ভাষণত এইদৰে কয়। তেওঁ কয় - "বাপুজীৰ শান্তি-সমন্বয় আৰু অহিংসাৰ অমৰ বাণী তথা অতুলনীয় আদৰ্শই এখন শক্তিশালী সমাজ গঢ়াৰ বাবে আমাক সদায়ে প্ৰেৰণা যোগাই যাব। মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ, অতুলনীয় কৰ্মৰাজি আৰু বৰ্ণাঢ্য জীৱনগাথাই প্ৰতিজন ভাৰতীয়ৰ লগতে বিশ্ববাসীক অনুপ্ৰাণিত কৰি আহিছে।"


0 Comments:
Post a Comment