শিক্ষাগ্ৰহণ হৈছে এক জীৱনজোৰা সাধনা : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু


গুৱাহাটী,২২ অক্টোবৰ : ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অনুসৰি ভাৰত চৰকাৰে আৰম্ভ কৰা নৱভাৰত সাক্ষৰতা কাৰ্যসূচী 'উল্লাস'ৰ তৃতীয়খন আঞ্চলিক সন্মিলন আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উদ্বোধন কৰে। এই কাৰ্যসূচীৰ অধীনত ২০২২ চনৰ পৰা ২০২৭ চনৰ ভিতৰত সমগ্ৰ দেশতে শিক্ষা লাভৰ পৰা বঞ্চিত ১৫ বছৰৰ ঊৰ্ধ্বৰ সকলো নাগৰিককে সাক্ষৰ কৰি এগৰাকী দক্ষ মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় সাক্ষৰতা কেন্দ্ৰৰ উদ্যোগত তথা ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকাৰীৰ সহযোগত আজিৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা উল্লাসৰ (ULLAS) সন্মিলনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে। ভাষণত শিক্ষা মন্ত্রীগৰাকীয়ে কয় - "আধুনিক যুগ হৈছে লিখা-পঢ়া কৰি জ্ঞান অৰ্জন কৰা আৰু কৌশল আয়ত্ব কৰাৰ যুগ। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোৱা “পঢ়ে ভাৰত বঢ়ে ভাৰত” কাৰ্যসূচী হৈছে এক অতি উল্লেখনীয় পদক্ষেপ। সেয়েহে একে ধৰণে আমি উল্লাসক এক কেৱল চৰকাৰী কাৰ্যসূচী বুলি গণ্য নকৰি প্ৰতিগৰাকী নাগৰিকৰে নিজ দায়িত্ব বুলি স্বীকাৰ কৰি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি সকলোৱে জড়িত হ’ব লাগে।” মন্ত্ৰীগৰাকীয়ে উল্লাসক এক জন আন্দোলনলৈ পৰ্যবসিত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাৰ্থীসকলক উল্লাসৰ এই কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণেৰে ৰাজ্যখনৰ চুকে-কোণে জ্ঞান আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। ৰাজ্যখনৰ সকলো লোককে জ্ঞানৰ আলোকেৰে উজ্জীৱিত কৰি স্বাক্ষৰতাৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে বিভাগীয় বিষয়াসকলকো অতি সোনকালে মন্ত্ৰীগৰাকীয়ে এক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ লগতে পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ স্বেচ্ছাসেৱক আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা লোকসকলে অংশগ্ৰহণ কৰে। সন্মিলনত ভাৰত চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ যুটীয়া সচিব অৰ্চনা শৰ্মা অৱস্থি, উত্তৰ-পূব আঞ্চলিক শিক্ষা প্ৰতিষ্ঠানৰ  অধ্যক্ষ ড০ ফ্লোৰেট ডি ডাখাৰ, এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় সাক্ষৰতা কেন্দ্ৰৰ ইনচাৰ্জ প্ৰফেছৰ ঊষা শৰ্মা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment