গুৱাহাটী,২০ অক্টোবৰ : অভিজ্ঞ পৰ্বতাৰোহী ৰাজেশ ৰাভাৰ নেতৃত্বত "আমি বনৰীয়া" আৰু "বেকপেকাৰছ অফ হাইলেণ্ডা"ৰ দলৰ এটি ৫ জনীয়া অভিযাত্ৰীৰ দলে এক উল্লেখযোগ্য অভিযান সফলতাৰে অতিক্ৰম কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ১৪ অক্টোবৰৰ নিশা ১ বজাত থানছেঙ শিবিৰৰ পৰা যাত্ৰা আৰম্ভ কৰি চাৰে চাৰি ঘন্টা ট্ৰেকিঙৰ অন্তত ১৫ অক্টোবৰৰ প্ৰভাতত মইনাছ ৫ ডিগ্ৰী ছেলছিয়াছ ঠাণ্ডাত ৫.৩০ মিনিটত সমুদ্ৰপৃষ্ঠৰ পৰা ৪৯৫০ মিটাৰ উচ্চতাতস্থিত কাঞ্চনজংঙ্ঘা বেছকেম্প খ্যাত কঠিন গৌশালাৰ উচ্চতাত আৰোহণ কৰি দলটোৱে এই কৃতিত্ব অৰ্জন কৰে। ৰাজ্যখনৰ বাবে এয়া এক গৌৰৱৰ বতৰা। উক্ত অভিযাত্ৰী দলটোত আছিল ক্ৰমে ৰাজেশ ৰাভা (অভিজ্ঞ পৰ্বতাৰোহী), ৰাজীৱ ৰাভা (পৰ্বতাৰোহী), গৌৰাঙ্গ বড়ো (পৰ্বতাৰোহী), ১৮ বছৰীয়া চন্দন ইংতি আৰু ১৯ বছৰীয়া দিৱ্যজ্যোতী ৰাভা। দলটোৱে অসমৰ পৰা ৮ অক্টোবৰত চিকিমৰ ইয়াকচুমলৈ যাত্ৰা আৰম্ভ কৰিছিল।
কাঞ্চনজংঙ্ঘা বেছকেম্প খ্যাত কঠিন গৌশালাৰ উচ্চতাত আৰোহণ অসমৰ পাঁচ পৰ্বতাৰোহীৰ

0 Comments:
Post a Comment