গুৱাহাটী মহানগৰীত দুৰ্গা পূজাকলৈ আৰক্ষী প্ৰশাসনৰ নীতি-নিৰ্দেশনা



গুৱাহাটী,৩ অক্টোবৰ : দুৰ্গা পূজা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কামৰূপ মহানগৰৰ অধীনস্থ পূজা কমিটিৰ প্ৰতিনিধিসমুহৰ সৈতে জিলা আৰু আৰক্ষী প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি জিলা পুথিভড়াঁলত অনুষ্ঠিত হয়। বৈঠকত কামৰূপ মহানগৰ জিলা আয়ুক্ত, মহানগৰ আৰক্ষী আয়ুক্তসহ যানবাহন আৰক্ষী ,অগ্নিনিৰ্বাপক বাহিনী, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, গুৱাহাটী পৌৰ নিগম, স্বাস্থ্য বিভাগ, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ বিষয়াসকলে অংশগ্ৰহণ কৰে । বৈঠকত আৰক্ষী প্ৰশাসনে সমাগত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি নিদেৰ্শনা জাৰি কৰে । জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা কমিটিসমুহে মহিলা আৰু পুৰুষৰ বাবে পৃথককৈ প্ৰবেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰিব লাগিব। পূজা সম্পন্ন হোৱাৰ পিছত ঠাইসমূহ পৰিস্কাৰ কৰাৰ লগতে  পেলনীয়া সামগ্ৰীসমূহ সঠিকভাৱে নিস্কাশন কৰিব লাগিব। বৈঠকত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজা কমিটিসমূহক ৰাস্তাত পেণ্ডেল পাতি পূজা অনুস্থিত নকৰিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰশাসনৰ নীতি-নিয়ম মানি পূজা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায়। তদুপৰি বিসৰ্জনৰ শোভাযাত্ৰাৰ সময়ত নিচাযুক্ত দ্ৰব্য সেৱন কৰি পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ বাবে পূজা কমিটিসমূহক ব্যৱস্থা কৰাৰ লগতে যানবাহনৰ নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়ে। আনৰ অসুবিধা নোহোৱাকৈ দায়িত্ব সহকাৰে উৎসৱ পালন কৰি যাবলৈ আৰক্ষী আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। জিলা আয়ুক্ত সুমিত সাত্তাৱানে পূজা কমিটিসমূহক পানী তথা শৌচাগাৰ ব্যৱস্থা, বিদ্যুত ব্যৱস্থা, বয়োজ্যেষ্ঠসকলৰ সুবিধাৰ বাবে যাৱতীয় ব্যৱস্থা, পাৰ্কিঙৰ সুচল ব্যৱস্থা, প্ৰসাদ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ভালকৈ নিৰীক্ষণৰ ওপৰত গুৰুত্ব  প্ৰদান ইত্যাদি এলানি পৰামৰ্শ আগবঢ়ায়। জিলা আয়ুক্তগৰাকীয়ে লগতে পূজা কমিটিসমূহক অন্য সংগীতৰ পৰিৱৰ্তে ভক্তিমূলক সংগীত  ব্যৱহাৰ কৰি শান্তিপূৰ্ণভাৱে পূজা উদযাপন কৰি যাবলৈ সকলোকে আহ্বান জনায়। আজিৰ এই বৈঠকত  যুটীয়া আৰক্ষী আয়ুক্ত প্ৰতীক থুবে, যানবাহন আৰক্ষীৰ উপ -আয়ুক্ত জয়ন্ত সাৰথি বৰা, চোৰাংচোৱা বিভাগৰ উপ-আয়ুক্ত হৰেকৃষ্ণ নাথ, মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আয়ুক্ত ধ্ৰুৱ বৰা, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া সচিব হেমাংগ নবিচ, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অভিযন্তা দেৱাশীষ দে প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment