অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনন্দ প্ৰকাশ
গুৱাহাটী,৩ অক্টোবৰ : আজিৰ দিনটো অসম তথা অসমবাসীৰ বাবে চিৰস্মৰণীয় দিন হৈ ৰ’ব। অসমৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব আজিৰ এই মাহেন্দ্ৰ ক্ষণৰ সবিশেষ। দিল্লীৰ পৰা আহিল এই খবৰ। অসমবাসীৰ দীৰ্ঘদিনীয়া প্ৰত্যাশাত ছীল মোহৰ মাৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। অকল অসমীয়া ভাষাই নহয়, দেশৰ ৫টা ভাষাক কেন্দ্ৰীয় কেবিনেটে ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰে। ভাষাকেইটা হৈছে- অসমীয়া, মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষা। ইয়াৰ আগেয়ে দেশৰ ৬টা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। এই অনুসৰি ভাৰতৰ ধ্ৰুপদী ভাষা কেইটা হৈছে- তামিল, সংস্কৃত, কানাড়া, তেলেগু, মালায়লম আৰু ওড়িয়া (২০১৪)। এই আটাইকেটা ভাষাক সামৰি এতিয়াৰে পৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা ভাষাৰ সংখ্যা হ’ল ১১টা। ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ কৰিলে ভাষাটো কেইবা ধৰণে লাভান্বিত হয়। ভাষাটোৰ উত্তৰণত অৱদান আগবঢ়াই যোৱা সকলৰ কাৰণে থাকে আন্তঃৰাষ্ট্ৰীয়ভাৱে পুৰস্কৃত কৰাৰ ব্যৱস্থা। একেদৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে কেন্দ্ৰই খুলিব লাগে সেই নিৰ্দিষ্ট ভাষাৰ অধ্যয়নৰ কাৰণে চেণ্টাৰ অৱ এক্সিলেন্স। ইয়াৰ উপৰি বিভিন্ন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ধ্ৰুপদী ভাষাৰ গৱেষণাৰ কাৰণে বিশ্ববিদ্যালয় অনুদান আয়োগে অনুদান দিব লাগে। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই বিশেষভাৱে আগভাগ লৈছিল। প্ৰাক্তন সভাপতিগৰাকীয়ে তিনি বছৰ পূৰ্বে প্ৰস্তুত কৰিছিল প্ৰতিবেদন। কেৱল ইমানেই নহয় প্ৰাক্তন সভাপতি কুল শইকীয়াই দেশৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ চিঠি লিখি ইয়াৰ বিষয়ে উল্লেখ কৰিছিল। স্বাভাৱিকতে এই খবৰে অসমৰ বিভিন্ন মহলক আনন্দিত কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমত কয় - "এজন অসমবাসী হিচাপে, মই গৌৰৱ আৰু কৃতজ্ঞতাৰ এক অভূতপূৰ্ব অনুভূতি অনুভৱ কৰিছো। আজিৰ আগতে, ভাৰতৰ মাত্ৰ ছয়টা ভাষাক শাস্ত্ৰীয় ভাষাৰ টেগ দিয়া হৈছিল। ভাৰতৰ শাস্ত্ৰীয় ভাষা হিচাপে অসমবাসীৰ সংযোজন সঁচাকৈয়ে অতি আনন্দৰ বিষয় আৰু আমাৰ মাতৃভাষাৰ এই স্বীকৃতিৰ ক্ষেত্ৰত বৃহৎ অৱদান আগবঢ়োৱা প্ৰতিজন ব্যক্তিক মই ধন্যবাদ জনাইছো।"

0 Comments:
Post a Comment