বাৰৰ অনুজ্ঞাপত্ৰৰ নামত উৎকোচলৈ জনতা ভৱনত গ্ৰেপ্তাৰ আবকাৰী বিষয়া


গুৱাহাটী,১৬ অক্টোবৰ : লক্ষ্মী পূজাৰ দিনাই বেআইনীভাৱে ধন ঘটিবলৈ গৈ বিপদত পৰিল এজন চৰকাৰী বিষয়া। এই ঘটনাৰ স্থান ৰাজ্যৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন। জনতা ভৱনত আজি ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল এজন আবকাৰী বিষয়া। গ্ৰেপ্তাৰ হোৱা বিষয়াজনৰ নাম পাৰ্থ হাজৰিকা। জনতা ভৱনৰ আবকাৰী বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত ছেকচন অফিচাৰৰ দায়িত্বত আছিল পাৰ্থ হাজৰিকা। আজি এক অভিযোগৰ ভিত্তিক তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ত কৰে বিষয়াজনক। ২৪ হাজাৰ ৫০০ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় পাৰ্থ হাজৰিকা। পূৰ্বেও ৪০ হাজাৰ টকাৰ ঘোচ লোৱাৰ অভিযোগ আছে বিষয়াজনৰ বিৰুদ্ধে। পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দীত বুলি জানিব পৰা গৈছে। বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ২৫ হাজাৰ ৫০০ টকা উৎকোচ লৈছিল এইগৰাকী ঘোচখোৰ বিষয়াই। জনতা ভৱনৰ ডি ব্লকত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই বিষয়াজনক গ্ৰেপ্তাৰ কৰে। 


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment