মিচিং স্বায়ত্তশাসিত পৰিষদত লখিমপুৰ-ধেমাজিৰ হাজং গাঁও অন্তৰ্ভুক্ত কৰাক লৈ ক্ষোভিত হাজং নাগৰিক সমাজ


লখিমপুৰ,১৫ অক্টোবৰ : মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে প্ৰকাশ কৰা খচৰা তালিকাত  লখিমপুৰ আৰু ধেমাজি জিলাৰ প্ৰায় ৩০ খন হাজং গাঁৱক পৰিষদৰ অন্তৰ্ভুক্ত কৰাক লৈ ক্ষোভিত হৈ পৰিছে জিলা দুখনৰ হাজং সম্প্ৰদায়ৰ লোকসকল। দুয়োখন জিলাত বসবাস কৰি থকা হাজং লোকসকলে উল্লিখিত গাঁওসমূহক মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে যোৱা ০৬/১০/২০২৪ তাৰিখে নিজকে সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি হিচাপে পৰিচয় দিয়া স্বয়ম্ভূ নেতা নিত্যানন্দ হাজঙে মিচিং স্বায়ত্বশাসিত পৰিষদত হাজং সকল পূৰ্বৰ পৰাই অন্তৰ্ভুক্ত হৈ আছে আৰু বৰ্তমানেও অন্তর্ভুক্তি হৈ থকাৰ সিদ্ধান্ত লৈছে বুলি একাংশ সংবাদ মাধ্যমৰ আগত মত ব্যক্ত  কৰা কাৰ্যক আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ জৰিয়তে লখিমপুৰ আৰু ধেমাজি জিলাৰ সচেতন হাজং সমাজে তীব্ৰ গৰিহণা দিয়াৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদে অতি কৌশলী মনোবৃত্তিৰে জিলা দুখনৰ হাজং গাঁওসমূহ পৰিষদৰ অন্তৰ্ভুক্ত কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়ে। নাগৰিক সমাজে অভিযোগ কৰা মতে নিত্যানন্দ হাজং এগৰাকী পাবত গজা নেতাহে। প্ৰকৃতাৰ্থত তেওঁ  সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি নহয়। সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি আচলতে সঞ্জীৱ হাজংহে। সংবাদমেলত হাজং নাগৰিক সমাজৰ হৈ ধেমাজি জিলাৰ জয়ৰামপুৰ নিবাসী শাস্ত্ৰীলাল হাজঙে জানিবলৈ দিয়া মতে, অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ জাননি নং ২৯৩১০৩/৬২৮ তাং ২৭/০৬/২০২৪ ৰ নির্দেশমর্মে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ অধীনৰ ৪০ টা সমষ্টি আৰু সমষ্টিৰ অন্তৰ্গত গাঁওসমূহ নিৰ্ধাৰণ কৰিবৰ বাবে সংশ্লিষ্ট জিলা আযুক্তক তত্বাবধায়ক আৰু ভৈয়াম জনজাতি উন্নয়ন প্রকল্পৰ প্ৰকল্প সঞ্চালকক কর্তৃত্বশীল বিষয়া হিচাপে নিয়োগ কৰি উক্ত নিৰ্দেশৰ ভিত্তিত সংশ্লিষ্ট জিলাৰ জিলা আযুক্তৰ কাৰ্যালয়ৰ পৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত খচৰা গাঁৱৰ তালিকাসমূহ প্রকাশ কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে অন্তৰ্ভুক্ত হোৱা গাঁওসমূহৰ আপত্তি/পৰামৰ্শ গ্ৰহণৰ অন্তিম তাৰিখ ১৬-০৯-২০২৪ আৰু আপত্তি, পৰামর্শ, নিষ্পত্তিৰ অন্তিম তাৰিখ ৩০-০৯-২০২৪ নির্ধাৰণ কৰি দিছিল। সেই মর্মে যোৱা ০৪-০৯-২০২৪ আৰু ০৯-০৯-২০২৪ তাৰিখে ধেমাজি জিলাৰ বাৰভুঞা হাজং গাৱঁত লখিমপুৰ আৰু ধেমাজি জিলাৰ প্ৰায় সকলোবোৰ গাঁৱৰ প্রতিনিধি তথা স্থানীয় ৰাইজ একত্ৰিত হৈ অনুষ্ঠিত কৰা ৰাজহুৱা সভাৰ সিদ্ধান্তমৰ্মে ইতিমধ্যে প্রকাশিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ খচৰা তালিকাত অন্তর্ভুক্ত হোৱা হাজং গাওঁসমুহ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা ১১-০৯-২০২৪ তাৰিখে লখিমপুৰ জিলাৰ কর্তৃত্বশীল বিষয়াক আৰু ১৩-০৯-২০২৪ তাৰিখে ধেমাজি জিলাৰ কর্তৃত্বশীল বিষয়াক আপত্তি দাখিল কৰিছিল। কিন্তু পৰিতাপৰ কথা যে, যোৱা ০৬-১০-২০২৪ তাৰিখে চিলাপথাৰ প্ৰেছ ক্লাবত সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতিৰূপে পৰিচয় দাঙি ধৰি স্বয়ম্ভূ নেতা নিত্যানন্দ হাজঙে হাজং সমাজৰ উন্নয়নৰ স্বাৰ্থত জিলা দুখনৰ সকলো হাজং গাঁও মিচিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত হ'ব লাগে বুলি মন্তব্য ব্যক্ত কৰে। যিটো মন্তব্য জিলা দুখনৰ সকলো হাজং ৰাইজৰ বাবেই অতি দুর্ভাগ্যজনক কথা। তেওঁ জানিবলৈ দিয়া মতে, মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তর্ভূক্ত কৰি দেখুওৱা হাজং গাঁওসমূহৰ নাম কৰ্তন কৰিবৰ বাবে ইতিমধ্যে দুয়োখন জিলাৰ অন্তৰ্গত হাজং ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক আবেদন জনাইছে। উক্ত বিষয় সন্দৰ্ভত আপত্তি বা পৰামৰ্শ গ্ৰহণৰ সময়সীমা যোৱা ১৬-০৯-২০২৪ তাৰিখে আৰু শুনানিৰ অন্তিম সময়সীমা যোৱা ৩০-০৯- ২০২৪ তাৰিখেই শেষ হৈছে। এনে পৰিস্থিতিত অন্তিম সময়সীমা পাৰ হৈ যোৱাৰ পিচতো জিলা দুখনৰ অধীনস্থ হাজং গাঁওসমূহ মিচিং স্বায়ত্তশাসিত অন্তৰ্ভুক্ত কৰিব লাগে বুলি নিত‍্যানন্দ হাজঙে কৰা ঘোষণা এক ৰাজনৈতিক ষড়যন্ত্রৰ বাহিৰে আন একো নহয় বুলি উল্লেখ কৰি সচেতন হাজং সমাজে কোনো কাৰণতে জিলা দুখনৰ হাজং গাঁওসমূহ মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰিবলৈ নিদিয়ে বুলি হুংকাৰ দিছে। হাজং সমাজৰ হৈ শাস্ত্ৰীলাল হাজঙে কয় যে, লখিমপুৰ, ধেমাজিৰ হাজং সমাজ সদায়ে স্বতন্ত্ৰৰূপে অসম চৰকাৰৰ অধীনতহে পৰিচালিত হব। জিলা দুখনৰ হাজং ৰাইজে কোনো কাৰণতে মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তর্ভুক্ত নহয়। জিলা দুখনৰ হাজং গাওঁসমূহৰ ৰাইজে মিচিং পৰিষদত অন্তৰ্ভুক্ত হব বিচাৰে বুলি স্বয়ম্ভূ নেতা নিত‍্যানন্দ হাজঙে যি মন্তব্য কৰিছিল উক্ত মন্তব্যক সচেতন হাজং সমাজে আজি অতি হাস্যকৰ আৰু ভিত্তিহীন বুলিহে আখ্যা দিয়ে। যদিহে সঁচাকৈয়ে জিলা দুখনৰ হাজং ৰাইজে মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হব বিচাৰে তেন্তে কোন স্থানত, কোন সময়ত আৰু কোন তাৰিখত ৰাইজে সভা পাতি এই সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই কথা ৰাজহুৱা কৰিবলৈও নিত‍্যানন্দক সচেতন হাজং সমাজে আহ্বান জনাইছে। সচেতন হাজং সমাজৰ হৈ শাস্ত্ৰীলাল হাজঙে লগতে কয়, মিচিং স্বায়ত্তশাসিত পৰিষদখন ষষ্ঠ অনুসূচীলৈ উন্নীত হোৱাত হাজং ৰাইজৰ কোনো আপত্তি নাই। কিন্তু হাজং ৰাইজৰ সন্মতি অবিহনে মিচিং স্বায়ত্তশাসিত পৰিষদত লখিমপুৰ, ধেমাজিৰ হাজং গাঁওসমূহক অন্তর্ভুক্ত কৰিবলৈ চলোৱা প্ৰচেষ্টাক জিলা দুখনৰ হাজং ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। স্বয়ম্ভূ নেতা নিত‍্যানন্দ হাজঙে নিজকে সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি হিচাপে চিনাকি দি দুয়োখন জিলা নিৱাসী হাজং ৰাইজক অন্ধকাৰত ৰাখি নিজ মুনাফা লাভৰ কাৰণে যিদৰে সংবাদ মাধ্যমৰ আগত ভূৱা বক্তব্য আগবঢ়াইছে, তাৰ বিৰুদ্ধে আগত দিনত জিলা দুখনৰ সচেতন হাজং সমাজে নিত‍্যানন্দৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব বুলি আজিৰ সংবাদমেলত ঘোষণা কৰে। আনহাতে, জিলা দুখনৰ বিপৰীতে মিচিং স্বায়ত্তশাসিত পৰিষদত যি সমূহ হাজং গাঁও অন্তৰ্ভুক্ত কৰাৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক হাজং ৰাইজে আহ্বান জনাইছিল সেই সকলো গাঁৱৰ নাম পৰিষদীয় তালিকাৰ পৰা কৰ্তন কৰিবলৈ জিলা আয়ুক্তৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক দুয়োখন জিলাৰ হাজং ৰাইজে আহ্বান জনাইছে। সংবাদমেলত দুয়োখন জিলাৰ হৈ প্ৰায় ৩০ গৰাকী বিশিষ্ট ৰাইজ উপস্থিত থাকে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment