ৰাইজৰ হাৰাশাস্তি নোহোৱাকৈ পৰিবহণ প্ৰৱন্ধনত মনোনিৱেশৰ আহ্বান পৰিবহণ মন্ত্ৰীৰ



গুৱাহাটী,৭ অক্টোবৰ : ৰাজ্যৰ পৰিৱহণ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত 'জিলা পৰিবহণ বিষয়াসকলৰ সন্মিলন (ডিটিঅ' কনফাৰেন্স) অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ পৰিৱহণ বিভাগৰ সচিব আদিল খান, পৰিবহণ আয়ুক্ত মেঘনিধি দাহাল, বিভাগৰ যুটীয়া সচিব সুস্মিতা কাকতি, বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ উপৰি ৰাজ্যৰ প্ৰতিখন জিলাৰে জিলা পৰিবহণ বিষয়া (ডিটিঅ'), মটৰ পৰিবহণ পৰিদৰ্শক (এমভিআই) আৰু প্ৰৱৰ্তন পৰিদৰ্শক (ইআই)সকলকে ধৰি বিভাগটোৰ সকলো পৰিবহণ বিষয়াই এই সন্মিলনত অংশগ্ৰহণ কৰে। পৰিবহণ মন্ত্ৰী মহন্তৰ অধ্যক্ষতাত হোৱা সন্মিলনখনত যানবাহনৰ পঞ্জীয়ন, চলাচল পথৰ অনুমতি (পাৰ্মিট) আৰু চালকৰ অনুজ্ঞাপত্ৰ বিতৰণ প্ৰক্ৰিয়া, পথ সুৰক্ষা, পৰিবহণ ৰাজহ সংগ্ৰহ, বিভিন্ন জিলাত নিৰ্মীয়মাণ জিলা পৰিৱহণ কাৰ্যালয়সমূহৰ অগ্ৰগতি, বিভাগৰ অধীনৰ নাগৰিককেন্দ্ৰিক সেৱা বিতৰণ প্ৰণালী সৰলীকৰণকে ধৰি ৰাজ্যখনত পৰিৱহণ প্ৰৱন্ধনেৰে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। জিলা পৰিবহণ বিষয়া, মটৰ পৰিবহণ পৰিদৰ্শক আৰু প্ৰৱৰ্তন পৰিদৰ্শকসকলক সম্বোধন কৰি বিভাগীয় মন্ত্ৰী মহন্তই পৰিবহণ বিভাগৰে জড়িত কাম-কাজ তথা বিভাগীয় সেৱা লাভৰ ক্ষেত্ৰত জনসাধাৰণ যাতে অসুবিধাত পৰিব লগা নহয়, সেই দিশটোলৈ সকলো সময়তে নজৰ ৰাখি নিজ দায়িত্ব নিৰ্বহনত সতৰ্ক হ'বলৈ পৰিৱহণ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ কয়, 'বাহনৰ পঞ্জীয়ন, চালকৰ অনুজ্ঞাপত্ৰ বা ৰোড পাৰ্মিটৰ বাবেই হওঁক, অথবা অন্যান্য বিষয়তেই হওঁক, পৰিবহণ বিভাগৰ সেৱা লাভৰ ক্ষেত্ৰত ৰাইজে যাতে অযথা হাৰাশাস্তিৰ সন্মুখীন হ’ব লগাত নপৰে, তাৰ প্ৰতি ডিটিঅ'কে ধৰি প্ৰতিগৰাকী পৰিবহণ বিষয়াই দৃষ্টি ৰখা উচিত। জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় তথা আঞ্চলিক পৰিবহণ কাৰ্যালয়সমূহত ৰাইজে সকলো ক্ষেত্ৰতে যথোপযুক্ত সঁহাৰি আৰু নাৰ্য সেৱা লাভ কৰাটো আমাৰ বিষয়াসকলে সুনিশ্চিত কৰিবই লাগিব।' 

ইফালে পৰিবহণ মন্ত্ৰী মহন্তই এই ডিটিঅ' সন্মিলনৰ প্ৰাকক্ষণত  পৰিবহণ বিভাগৰ উদ্যোগত ৰাজ্যজুৰি আজিৰে পৰা ১৩ অক্টোবৰলৈকে আয়োজিত 'ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ'ৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ চৌহদতে পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা এক বাইক ৰেলীও পৰিবহণ মন্ত্ৰীগৰাকীয়ে ফ্লেগ অফ কৰি মুকলি কৰে। পথ সুৰক্ষা সপ্তাহৰে সংগতি ৰাখি প্ৰদৰ্শন কৰা সজাগতামূলক মুকাভিনয়ো প্ৰত্যক্ষ কৰে মন্ত্ৰী মহন্তই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment