জল জীৱন মিছনৰ প্ৰসংগত চিবিআই তদন্ত বিচাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই


গুৱাহাটী,৬ অক্টোবৰ : "জল জীৱন মিছনক ধন জীৱনলৈ পৰিণত কৰা মুখ্যমন্ত্ৰীৰ সাহস থাকিলে এই হাজাৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ এটা চিবিআই তদন্ত কৰক। চৰকাৰে চিবিআই তদন্তৰ ব্যৱস্থা নকৰিলে কংগ্ৰেছ দলে চিবিআইৰ ওচৰলৈ গৈ 'জল জীৱন মিছন’ৰ নামত ৰাইজক কৰা প্ৰতাৰণাৰ তদন্ত কৰাবলৈ বাধ্য হ’ব৷" - আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এখন সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰে। সংবাদমেলত ভূপেন কুমাৰ বৰাই আৰু কয় যে মানুহৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ নামত যি আঁচনি কেন্দ্ৰীয় চৰকাৰে আনিছিল এতিয়া সেয়া প্ৰহসনত পৰিণত হ’ল৷ এতিয়া গাঁৱে গাঁৱে জল নাই কেৱল নলহে আছে৷ এই বৃহৎ কেলংকাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সকীয়নি দিবলগীয়া হৈছে৷ ইয়াতকৈ লজ্জাজনক কথা আৰু একো নাই৷ কেন্দ্ৰীয় চৰকাৰে জল জীৱন মিছন আঁচনি ৰূপায়ণৰ বাবে যি পুঁজি দিছিল সেই পুঁজি বৰ্তমান বন্ধ কৰি দিছে৷ মিছন সঞ্চালকৰ এখন পত্ৰই এই কথা প্ৰমাণ কৰিছে যে জল জীৱনৰ নামত নিম্নমানৰ কাম কৰা হৈছে৷ মিছনৰ কামৰ পৰ্যালোচনা কৰিবলৈ যি সমিতি গঠন কৰা হৈছিল সেই সমিতিয়ে তদাৰকত গাফিলতি কৰাৰ লগতে ঠিকাদাৰৰ স্বাৰ্থত কাম কৰি ভুল প্ৰতিবেদন দাখিল কৰিছে৷ বৰাই আৰু কয় যে ৮ শতাংশৰ পৰা ১৫ শতাংশলৈ কমিছন লৈ মন্ত্ৰী জয়ন্তমল্লই পকেট গৰম কৰিছিল৷ বাজপেয়ী ভৱনত প্ৰতিটো কামৰ বিপৰীতে ২ শতাংশ কমিছন আদায় দিবলগীয়া হোৱাৰ কথা বহু ঠিকাদাৰে জনাইছে বুলিও বৰাই কয়। সেইবাবে গাঁৱত এতিয়া জলজীৱন মিছনৰ নাম এতিয়া মানুহে ‘জয়ন্তৰ জেপত মানি’ বুলি ক’বলৈ আৰম্ভ কৰা বুলি কয় কংগ্ৰেছ সভাপতি বৰাই। বৰাই কয়, ''২০২১-২২ বৰ্ষত অসমত আৰম্ভ হোৱা জল জীৱন মিছন আঁচনিখন অসমত আৰম্ভ হোৱা সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাত্ত কণ্ঠৰে কৈছিল, হৰ ঘৰ নল, হৰ ঘৰ জল৷ কিন্তু এতিয়া অসমৰ ক্ষেত্ৰত শ্ল’গানটো হ’লগৈ, চাৰিওফালে নলেই নল, কিন্তু ক’তো নাই জল।’’ আঁচনিখনত হোৱা কেলেংকাৰীৰ বাবে এতিয়া অসমৰ ৬৩ লাখ ৬৫ হাজাৰ পৰিয়াল বিশুদ্ধ খোৱা পানী লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। সংবাদমেলত সভাপতি বৰাই জল জীৱন মিছনৰ সঞ্চালক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব কৈলাশ কাৰ্তিকে বিভাগটোৰ মুখ্য অভিযন্তা, অতিৰিক্ত মুখ্য অভিযন্তা, কাৰ্যবাহী অভিযন্তাসকললৈ  জল জীৱন আঁচনিৰ কাম বন্ধ কৰাৰ নিৰ্দেশ দি প্ৰেৰণ কৰা পত্ৰখনৰ প্ৰতিটো বাক্যতে আঁচনিখনত হোৱা অনিয়ম স্পষ্ট হৈ আছে বুলিও কয়। পত্ৰখনত অত্যন্ত বিসংগতিপূৰ্ণ আৰু নিম্ন মানদণ্ডৰ সামগ্ৰীৰে জল জীৱনৰ মিছনৰ কামবোৰ সম্পাদন কৰাৰ লগতে আঁচনিখনৰ প্ৰাককলন (ডিপিআৰ)ৰ কাঠামো সলনি কৰি নিম্ন মানদণ্ডৰ কাম কৰাৰ কথা উল্লেখ থকাটোও সংবাদমেলত সদৰী কৰে বৰাই। আঁচনিখনৰ নামত ঠিকাদাৰসকলৰ পৰা লোৱা কমিছন মুখ্যমন্ত্ৰীৰ হাতলৈ যদি যোৱা নাই তেন্তে নিজকে ধোৱা তুলসীৰ পাত সজোৱা মুখ্যমন্ত্ৰীক জল জীৱন মিছনৰ অনিয়মৰ তদন্তৰ ভাৰ চিবিআইৰ হাতত অৰ্পণ কৰিবলৈকো দাবী জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ''আঁচনিখন ভাল আছিল। কাৰণ বিশুদ্ধ খোৱাপানীৰ অভাৱৰ ফলতে ৬০ শতাংশ বেমাৰ হয়। এতিয়া মাত্ৰ ১০.৭৫ শতাংশ লোকেহে আঁচনিখনৰ পৰা পানী পাই আছে। কংগ্ৰেছৰ দিনৰে পৰা এই সকল লোকে পানী পাই আছিল। বাকী ৰৈ যোৱাসকলক বিজেপিয়ে পানী দিয়াৰ দায়িত্ব লৈছিল। বাটে বাটে ছাইন বৰ্ড লগাইছিল পানী দিব বুলি। পিছে এতিয়া মানুহে খাবলৈ পানী পোৱা নাই। লগতে ঠিকাদাৰসকল এতিয়া বিপাঙত পৰিছে।’’- থলগিৰিৰ ঠিকাদাৰসকলৰ পৰা কমিছন খাই হিমন্ত চৰকাৰে গা এৰা দিয়া বুলিও সংবাদমেলত অভিযোগ কৰে বৰাই। আনহাতে পইছা পেলাই থলে কণী নাপাৰে বুলি মুখ্যমন্ত্ৰীয়ে কোৱা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে ভূপেন বৰাই। তেওঁ কয়, ''পইছা পেলাই থলে কণী নাপাৰে বুলি কৈ আপুনি নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিছে। আপুনি মানি লৈছে যে বিভিন্ন আৱণ্টিত পুঁজিৰ সদব্যৱহাৰ কৰিবলৈ চৰকাৰী যি নিয়ন্ত্ৰণ লাগে সেয়া আপোনাৰ চৰকাৰৰ নাই। সেয়ে পইছা ব্যৱহাৰ নোহোৱাকৈ ৰৈ গৈছে আৰু কামবোৰ আধৰুৱা হৈ পৰি ৰৈছে।’’ আজিৰ সংবাদমেলত বৰাই বিভাগীয় মন্ত্ৰীক তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বৰ্খাস্ত কৰিবলৈকো দাবী জনায়। লগতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সকলোতে কেৱল কমিছনৰ অংক চলিছে বুলিও কয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment