শ্ৰমজীৱি লোকৰ সৈতে কিছু সময় কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ



নিউজ ডেক্স,৮ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ডিব্ৰুগড়ত ৰিক্সা আৰু ঠেলা চালকসকলৰ সৈতে পুৰী-চবজিৰ সোৱাদ লৈ তেওঁলোকৰ সুখ-দুখৰ বতৰা ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সামজিক মাধ্যম যোগে কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় - "আমি একেখন নাৱৰে যাত্ৰী সহযাত্ৰী একেখন নাৱৰে...।" তেওঁ লগতে কয় - "আমাৰ লক্ষ্য যে অন্ত্যোদয়াৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম-বিকাশ, সম-মৰ্যাদা সুনিশ্চিত কৰা। সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংশ ৰিক্সাচালক, ঠেলাচালকসকলৰ কষ্ট, কৰ্মোদ্যমে জীৱনৰ এক গভীৰ অৰ্থ বহন কৰি আহিছে। শাৰদীয় দুৰ্গোৎসৱৰ বতৰত আজি ডিব্ৰুগড়ত তেখেতসকলক লগ পাই আপ্লুত হ'লোঁ আৰু তেওঁলোকৰ সৈতে কথা-বতৰা পাতি দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। খাটিখোৱা এইসকল সৰল মনৰ লোকৰ সৈতে একেলগে পুৰী-চবজি খোৱাৰ সময়কণে মোৰ ছাত্ৰকালৰ স্মৃতি সজীৱ কৰি তুলিলে।"

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment