ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ : মহাষষ্ঠী পূজাৰে প্ৰাণ প্ৰতিষ্ঠা হল দেৱী দূর্গাৰ





নিউজ ডেক্স,৯ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাষষ্ঠী। ধৰাৰ বুকুত পদাৰ্পণ কৰা দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰা হ'ল। সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত আজি পূজাৰ বেদীত স্থাপিত হয় দেৱী দশভূজাৰ মৃন্ময় প্রতিমা। বিভিন্ন আ-অলংকাৰেৰে সজাই তোলা হয় দেৱী দুৰ্গাৰ প্রতিমা। সমান্তৰালকৈ আটকধুনিয়াকৈ সজাই পৰাই তোলা মণ্ডপে মণ্ডপে প্ৰাণ প্ৰতিষ্ঠা কৰা হয় দেৱী দূর্গাৰ। ইয়াৰ লগে লগে   আজিৰে পৰা আৰম্ভ হ'ল শাৰদীয় দুর্গোৎসৱ। দুর্গতিনাশিনী, মহিষমর্দিনী দেৱী দুৰ্গাক আজি মহাষষ্ঠী পূজাৰে আদৰণি জনাই ভক্তপ্ৰাণ ৰাইজে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ ঐতিহাসিক পঞ্চানল দেৱালয়, বৈঠাৱতী থান , নীল দেৱালয়, বৰকালিকা থান, হাৰ্হি দেৱালয়ত আদিত পৰম্পৰাগত ৰীতি নীতিৰে আধ্যাত্মিক পূজা আৰম্ভ হোৱাৰ সমান্তৰালকৈ জিলাখনৰ শতাধিক দুৰ্গাপূজা সমিতিয়ে   জাকজমকতাৰে আয়োজন কৰিছে দুৰ্গাপূজা। বিগত বছৰবোৰৰ দৰে এই বছৰো ঐতিহাসিক থান সমূহত পূৰ্বৰ ৰীতি নীতিক সৰোগত কৰি  আয়োজন কৰিছে দুৰ্গাপূজাৰ। দেৱী দুৰ্গাক সন্তুষ্ট কৰিবৰ বাবে শতাধিক পূজা সমিতিয়ে মহালয়াৰ দিনৰ পৰাই পূজাৰ বিহীত কাৰ্য সমাপনৰ অন্তত আজি মহাষষ্ঠী পূজাৰেই আৰম্ভ হ'ল দুৰ্গোৎসবৰ। জিলাখনৰ শ্ৰী শ্ৰী নীল দেৱালয় দুৰ্গাপূজা সমিতিয়ে লখিমপুৰৰ ঘাৰমৰা দেউৰী বৰ্ণাঢ্য  কাৰ্যক্ৰর্মণিকাৰে পূজাৰ নিৰ্ধাৰিত কাৰ্যসূচীৰ আৰম্ভ কৰিছে। এই দেৱালয়ত সত্তৰৰ দশকৰ পৰা বলি বিধানৰ পৰম্পৰা এৰি সম্পূৰ্ণ আধ্যাত্মিক ভাৱধাৰাৰে ইয়াত পূজা সম্পন্ন কৰা হয় । এই দেৱালয়ত পূৰ্বৰ বলি কাৰ্য সমাপনৰ বাবে ব্যৱহাৰ কৰা দা, দেৱীৰ চৰণ যুগল, শালেগ্ৰাম বিদ্যমান। দেৱালয়ত দেৱীৰ বাবে আগবঢ়োৱা জীৱসমূহ বলিৰ পৰিবৰ্তে উৎসৰ্গা কৰাৰ ব্যৱস্থা কৰিছে। একেদৰে লখিমপুৰ চহৰৰ নিকটৱৰ্তী তিনিকুৰীয়াত অৱস্থিত বৈঠাৱতী দেৱালয়তো পূৰ্বৰ বলি বিধানৰ ব্যৱস্থা পৰিহাৰ কৰি ৬০ৰ দশকৰ পৰা দেৱীৰ বিগ্ৰহত পূজা অৰ্চনা, উৎসৰ্গা কৰাৰ ব্যৱস্থা পৰম্পৰাগত ভাৱে চলি আহিছে। এই থানতো ঐতিহাসিক সম্পদ সমূহক সংৰক্ষণ কৰি পূজা অৰ্চনা কৰাৰ প্ৰক্ৰিয়া চলি আহিছে আৰু এই বছৰো ব্যাপক কাৰ্যসূচীৰে দুৰ্গাপূজাৰ আয়োজন কৰিছে বুলি পূজা সমিতিয়ে জনাইছে । জিলাখনৰ সদৰত অৱস্থিত পঞ্চানন শতবর্ষ অতিক্ৰম কৰা পঞ্চাণণ দেৱালয় আৰু ঢকুৱাখনাৰ হাৰ্হি দেৱালয়ত পৰম্পৰাগতভাৱে বলি বিধানেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। বিগত বছৰৰ দৰে এইবাৰো এই দুই দেৱালয়ত বলি বিধানেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে।  প্ৰতি বছৰৰ দৰে এইবাৰো দুৰ্গা পূজাত এই দেৱালয়ত লক্ষাধিক ভক্তৰ সমাগম ঘটিব বুলি তেওঁ আশা প্রকাশ কৰে । সম্প্ৰতি দেৱালয়খনত মূল বিগ্ৰহৰ পূজা বলি বিধানেৰে অনুষ্ঠিত হ'ব। ইফালে বিহপুৰীয়া-ঢলধলিয়াৰ বৰকালিকা থানত মহা অষ্টমীৰ দিনা বলি বিধানৰ পৰম্পৰা দীর্ঘ দিনৰ পৰা চলি আহিছে। এই বছৰো থান খনত পুৱাৰে পৰা হাঁহ, ছাগলী, পাৰ বলি দিয়াৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত চলিছে। দেৱালয় সমূহত মূল বিগ্ৰহত পূজা অৰ্চনা, বলি বিধানৰ সমান্তৰালকৈ লখিমপুৰত দেৱী দূর্গাৰ প্ৰতিমা পূজাৰ বাবেও জিলাখনৰ পূজা সমিতি সমূহে ব্যাপক প্ৰস্তুতি চলাইছে । লখিমপুৰৰ গোপীনগৰ কলনীত এক ব্যতিক্ৰমী ৰূপত  তৈয়াৰ কৰা মণ্ডপত পূজা উদযাপনৰ ব্যৱস্থা কৰা হৈছে । আনহাতে অন্যান্য পূজা মণ্ডপত দেৱীৰ প্ৰতিমা, পূজা মণ্ডপৰ জাকজমকীয়া আলোকসজ্জা, আদিৰ অঘোষিত প্ৰতিযোগিতাৰে পূজা মণ্ডপ, সমূহ মাংগলীক ধ্বনিৰে মুখৰিত হৈ পৰিছে । দুৰ্গাপূজা সমিতি সমূহৰ ব্যাপক ব্যস্ততাৰ সমান্তৰাল কৈ লখিমপুৰ জিলা প্ৰশাসনে দুৰ্গাপূজা শান্তিপূৰ্ণ ভাবে সম্পন্ন হৈ যোৱাৰ বাবে সকলো বিভাগৰ সহযোগিতাৰে প্ৰস্তুতি চলাইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment