পোহৰৰ উৎসৱ দীপাৱলীত মাটিৰ চাকিৰে আলোকিত কৰিবলৈ ব্যস্ত মৃৎ শিল্পী


লখিমপুৰ,২৩ অক্টোবৰ : সমাগত  কালীপূজা আৰু দীপাৱলীৰ আগমূহুৰ্তত লখিমপুৰ জিলাৰ নাওবৈচাৰ দহমাইলত সীমাহীন  কৰ্মব্যস্ততা মৃৎ শিল্পীৰ। জিলাখনৰ নাওবৈচাৰ দহমাইলৰ কেইবাটাও মৃৎ শিল্পীপৰিয়ালে বৰ্তমানে দিনা-নিশাই ব্যস্ত মাটিৰ চাকিৰ নিৰ্মাণত। উল্লেখ্য যে দহমাইলৰ প্ৰায় ২৫-৩০ মৃৎশিল্পী  পৰিয়ালে বংশানুক্ৰমিক ভাবে জড়িত হৈ আছে টেৰাকোটা আৰু মৃৎ শিল্পৰ সৈতে। সেই পৰিয়ালবোৰৰ অধিকাংশ পুৰুষ-মহিলাৰ অধিকাংশৰে এতিয়া নাই আহৰি। সকলোৱে ব্যস্ত সৰু-বৰ আকাৰৰ আটকধুনীয়া মাটিৰ চাকি নিৰ্মাণত। কেৱল জিলাখনতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্য অৰুণাচলৰ প্ৰদেশটো  আছে দহমাইলৰ মাটিৰ চাকিৰ বিশেষ সমাদৰ। ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰিও যোৰহাট, তেজপুৰ, তিনিচুকীয়া, মাজুলী, ধেমাজি, চিলাপথাৰকে ধৰি দীপাৱলীৰ সময়ত চুবুৰীয়া অৰুণাচলৰ মাটিৰ চাকিৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলে দহমাইলৰ পৰা মাটিৰ চাকি ক্ৰয় কৰি লৈ যায়।’’ এইদৰেই আজি দহমাইলৰ  মাটিৰ চাকিৰ  চাহিদাৰ বিষয়টো দাঙি ধৰে স্থানীয়  এগৰাকী মৃৎ শিল্পী স্বপন পালে। উল্লেখ্য যে পালৰ পৰিয়ালে এইবেলি এতিয়ালৈকে নিৰ্মাণ কৰিছে প্ৰায় ৪০ হাজাৰ মাটিৰ চাকি। এক লাখ মাটিৰ চাকি নিৰ্মান লক্ষ্য আগত ৰাখি স্বপন  পালৰ পৰিয়ালে এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে। ইপিনে মাটিৰ চাকি নিৰ্মাণত ব্যৱহৃত সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰে মৃৎশিল্প পৰিয়ালসমূহলৈ সংকট নমাই আনিছে যদিও পৰিয়াল পোহ-পাল দিয়া তথা  জীৱন-জীৱিকাৰ বাবে পৰিয়ালসমূহে বছৰ বছৰ ধৰি এই কৰ্মত নিয়োজিত হৈ আছে। চৰকাৰৰ পৰা সামন্যতম আৰ্থিক সাহাৰ্য নোপোৱা এই মৃৎশিল্পী সকলক কিছু আৰ্থিক সাহাৰ্য আগবঢ়াই তেনেহলে তেওঁলোকে এই   ব্যৱসায় আৰু অধিক বৃহৎ পৰিসৰত আগবঢ়াই নিব পাৰিব আৰু গ্ৰাম্য অৰ্থনীতি বুনিয়াদও শক্তিশালী কৰিব পাৰিব বুলি জনায়। আনহাতে  আবতৰীয়া বৰষুণৰ, যাৱতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে সন্মুখীন হোৱা অসুবিধাৰ বাবে এইবছৰো আশা কৰা মতে চাকি নিৰ্মাণ কৰিব পৰা নাই তেওঁলোক। এইদৰেই  আজি এই প্ৰতিবেদকৰ সন্মুখত আক্ষেপ কৰি গ’ল মৃৎশিল্পী স্বপন পালে। লগতে দীপাৱলীৰ সময়ত চাইনিজ সামগ্ৰীৰ ব্যৱহাৰ প্ৰচলিত হ’বলৈ  লোৱাৰ পিছৰ পৰাই মাটিিৰ চাকিৰ চাহিদা তুলনামূলক ভাৱে কিছু হ্ৰাস পাবলৈ লোৱা বুলিও ক্ষেদ প্ৰকাশ কৰে তেখেতে। দীৰ্ঘ বহু বছৰৰ পৰাই নাওবৈচাৰ দহমাইলৰ মৃৎশিল্পীসকলে বিভিন্ন ধৰণৰ দৃষ্টি নন্দন মাটিৰ চাকিৰে ৰাইজৰ মন মুহি অহাৰ সমান্তৰালকৈ চাইনিজ সামগ্ৰীৰ পৰিবৰ্তে থলুৱা সামগ্ৰীৰে দীপাৱলী উদযাপন কৰাৰ বাৰ্তাক বাস্তবায়িত হোৱাটো অন্তঃকৰণে কামনা কৰিছে লগতে চৰকাৰক এই সকল মৃৎশিল্পী পৰিয়ালকো  কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰি পুৰাতন পৰম্পৰাটোক জীয়াই ৰাখিবলৈ আহ্বান জনাইছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment