ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আদৰণি মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ


গুৱাহাটী,২৪ অক্টোবৰ :  দেশৰ উচ্চতম ন্যায়ালয়ে অসমত ২০২১ বৰ্ষৰ পৰা২০২২বৰ্ষৰ ১৭১ টা এনকাউণ্টৰৰ ঘটনা সন্দৰ্ভত ২২ অক্টোবৰত বিস্তাৰিত তথ্য দাখিলৰ এক নিৰ্দেশ প্ৰদান কৰা কাৰ্যক আদৰণি জনাই অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চন্দ্ৰকান্ত আৰু উজ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে অসমত সংঘটিত হোৱা ১৭১টা এনকাউণ্টৰেই ভুৱা বুলি অভিহিত কৰি প্ৰশ্ন উত্থাপন কৰে যে ২০২১/২২ চনৰ ঘটনা সমূহৰ তদন্তত বিলম্ব কিয় ? এনে এনকাউণ্টৰৰ দ্বাৰা বিশেষ এটা সম্প্ৰদায়ক লক্ষ্য কৰা হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰা হয়। ২০২১ বৰ্ষৰ মে' মাহৰ পৰা ২০২২বৰ্ষৰ আগষ্ট মাহলৈকে আৰক্ষীৰ জিম্মাত মৃত্যু তথা  সংঘৰ্ষৰ ফলত মৃত্যু আৰু এনকাউণ্টৰত গুৰুতৰ ভাবে আহত হোৱা ঘটনা সমূহ  আজি পর্যন্ত সঠিক তদন্ত সম্পূৰ্ণ নোহোৱা বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ক্ষোভ উজাৰে। খণ্ড বিচাৰপীঠদ্বয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভুৱা সংঘৰ্ষ সন্দৰ্ভত নিৰ্দিষ্ট এখন পি আই এলক অপৰিপক্ক আখ্যা দিয়া আৰু অসম মানৱ অধিকাৰ আয়োগে গোচৰ সমূহ বন্ধ কৰা বিশেষকৈ অসম চৰকাৰৰ অধিবক্তাৰ যুক্তি তথা বক্তব্যক মানি লোৱা নহ'ব বুলি কোৱাৰ লগতে অহা ২৬ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি এক নিৰ্দেশ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ উক্ত নিৰ্দেশনাক আদৰণি জনাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে মানব অধিকাৰ আয়োগৰ দৰে এক স্বত্ৰন্ত সংস্থাক ন্যায়ালয়ে সমালোচনা কৰিবলৈ বা সকীয়াব লগা হোৱা কাৰ্য এক দুৰ্ভাগ্যজনক। তেওঁ কয় যে সাধাৰন মানু্হ তথা নাগৰিকৰ অধিকাৰৰ বাবে উচ্চতম ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱাত ন্যায়ালয়ৰ প্ৰতি সাধাৰণ আৰু সচেতন নাগৰিকৰ আস্থা অটুট থাকিব। উচ্চতম ন্যায়ালয়ে এনকাউণ্টৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহন কৰা কাৰ্যক অনাগত দিনৰ বাবে এক শুভ সংকেত বুলি ড০ শইকীয়াই আখ্যা দিয়ে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment