
গুৱাহাটী,২ অক্টোবৰ : অসম মল্লযুঁজ সন্থাৰ এখন কাৰ্যনিৰ্বাসক সভা আজি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত সভাত অসমৰ খেলুৱৈৰ উন্নত প্ৰশিক্ষণ তথা মল্লযুঁজৰ নতুন প্ৰতিভা বিকাশৰ লক্ষ্যৰে কেবাটাও সিদ্ধান্ত লোৱা হয়৷ আজিৰে সভাতে অহা ১৮-২০ অক্টোবৰলৈ গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাখন আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়৷ সন্থাৰ সম্পাদক গৌৰাংগ ৰয়ে জনোৱা অনুসৰি তিনিদিনীয়া ৰাজ্যিক প্ৰতিযোগিতাখন ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুন ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইফালে, আজিৰ সভাত অসম অলিম্পিক সন্থাৰ নৱ নিৰ্বাচিত সম্পাদক লক্ষ্য কোঁৱৰক অসম মল্লযুঁজ সন্থাই অভিনন্দন জনাই সম্বৰ্ধনা জ্ঞাপন কৰে৷ তদুপৰি কোঁৱৰক সন্থাৰ মুখ্য উপদেষ্টা হিচাপেও মনোনীত কৰা হয়৷ আনহাতে, আজিৰ সভাতে অসম অলিম্পিক সন্থাৰ নতুন কমিটিত যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হোৱা অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মা, উপদেষ্টা উজ্বল বৰুৱা আৰু সদস্যৰূপে নিৰ্বাচিত হোৱা সন্থাৰ উপসভাপতি গীতাৰ্থ দাসকো সম্বৰ্ধনা জনোৱা হয় বুলি সন্থাৰ সম্পাদক ৰয়ে অবগত কৰিছে৷
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment